সংসদত বিদায় মুহূৰ্তত উচুপি উঠিল ৰাজ্যসভাৰ বিদায়ী অধ্যক্ষ ভেংকায়া নাইডু

ভাৰতীয় ৰাজনীতিৰ এজন অপ্ৰতিদ্বন্দ্ব্বী নেতা ৰাজ্যসভাৰ অধ্যক্ষ তথা দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক সোমবাৰে ৰাজ্যসভাৰ সদস্য সকলে বিদায় জনায়। নাইডুৰ কাৰ্যকাল অন্ত পৰিব ১০ আগষ্টত ৷ ১১ আগষ্টত নতুন উপ- ৰাষ্ট্ৰপতি গৰাকীয়ে দায়িত্ব লোৱাৰ পূৰ্বে আজি উপ ৰাষ্ট্ৰপতি নাইডুক সংসদতে বিদায় জনোৱা হয়। বিদায়ৰ মুহূৰ্তত উপ ৰাষ্ট্ৰপতি গৰাকীয়ে বিদায় ভাষণ দিয়াৰ সময়ত হৈ পৰে যথেষ্ট আৱেগিক । উপ- ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে এই দায়িত্ব লোৱাৰ পূৰ্বে মোক দলৰ পৰা বিদায় দিয়াৰ মুহূৰ্ত আৰু আজিৰ এই সময়ছোৱা মোৰ বাবে বৰ কষ্টদায়ক -বেদনাদায়ক৷

আনহাতে বিদায়ী উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যথেষ্ট প্ৰশংসা কৰি কয় যে তেওঁ আছিল এগৰাকী আগশাৰীৰ বাকপটুতা নেতা৷ভাষণত কলা আৰু শব্দ প্ৰতিফলিত হৈছিল৷ বিদায়ী সভাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে শৈশৱত কৰা জীৱন সংগ্ৰামৰ এক ছবি দাঙি ধৰাত উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে উচুপি উঠে।

বিদায় ভাষণত উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে কয় যে সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বই ভাৰতক লক্ষ্য আৰু অনুকৰণ কৰে৷ আনহাতে ৰাজ্যসভাৰ সাংসদসকলক উদ্দেশ্যি কয় সংসদত প্ৰতি গৰাকী সদস্যই সংসদীয় পবিত্ৰতা,ভাষাগত শালীনতা, মৰ্যাদা বতাই নিজৰ উপস্থাপিত বিষয় সমুহ মাৰ্জিতভাৱে ৰাখিবলৈ অনুৰোধ জনাই৷ এনে শুভ পৰম্পৰাই সদনৰ ভাবমূৰ্তি সদায় উজ্বীৱিত হৈ থাকিব বুলি মন্তব্য কৰে বিদায়ী অধ্যক্ষ গৰাকীয়ে৷

Exit mobile version