আৰক্ষীৰ জালত বহু বিতৰ্কিত বিজেপি নেতা শ্ৰীকান্ত ত্যাগী

shrikant tyagi case 1659955038

দীৰ্ঘসময় ধৰি পলাতক অৱস্থাত থকা উত্তৰ প্ৰদেশৰ বহু বিতৰ্কিত বিজেপিৰ তথাকথিত নেতা শ্ৰীকান্ত ত্যাগী অৱশেষত আৰক্ষীৰ জালত পৰে। মহিলাক দুৰ্ব্যৱহাৰ আৰু শাৰিৰীকভাৱে প্ৰহাৰ কৰা অভিযোগত গোচৰ ৰজু হোৱা শ্ৰীকান্ত ত্যাগীৰ নামত আৰক্ষীয়ে ২৫ হাজাৰ টকাও ঘোষণা কৰিছিল।

উত্তৰ প্ৰদেশৰ নয়দাৰ গ্ৰেণ্ড অমেক্স ছ’ছাইটিৰ এগৰাকী মহিলাক দুৰ্ব্যৱহাৰ কৰিছিল শ্ৰীকান্ত ত্যাগীয়ে। ত্যাগিৰ বিৰুদ্ধে মহিলাগৰাকীয়ে গোচৰ ৰজু কৰাৰ পিছৰে পৰা যোৱা চাৰি দিন ধৰি সন্ধানহীন হৈ আছিল স্বয়ম্ভু নেতাজন ৷

পলাতক অৱস্থাত বিজেপি নেতাজনে সংগোপনে নিজ পত্নী আৰু অধিবক্তাৰে সম্পৰ্ক ৰক্ষা কৰিছিল৷ ত্যাগিৰ ফোন কলৰ আঁত ধৰিয়ে ত্যাগীৰ উপস্থিতি জানিব পাৰে আৰু শেষত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে ত্যাগীৰ পত্নীক আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছিল৷তাৰ সমান্তৰালকৈ ত্যাগীৰ সন্ধানত আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰু চুবুৰীয়া তিনি জিলাত অভিযান চলাইছিল ৷

ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ আৰক্ষীয়ে সোমবাৰে ত্যাগীৰ নয়দাত থকা বাসগৃহৰ সংলগ্ন অবৈধভাৱে নিৰ্মাণ কৰা আন এটা বাসগৃহ বুলড’জাৰে ভাঙি পেলায় ৷

Exit mobile version