বাইক, চাৰিচকীয়া বাহন, অট’ চালকৰ বাবে বলবৎ হ’ব নতুন কঠোৰ আইন

nitin gadkari 1640364733795 1646760245132

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰা এক নতুন ঘোষণাই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ADVERTISEMENT

এতিয়াৰ পৰা পথত ভুলকৈ ৰখাই থোৱা বাহনৰ ছবি যদি কোনোবাই প্ৰেৰণ কৰে তেন্তে তেওঁক ৫০০ টকাৰ পুৰস্কাৰ দিয়া হ’ব ৷ এই ঘোষনা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ ৷

এক অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাৰিচকীয়া বাহন, বাইক তথা আন বাহনৰ চালকসকলক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। চৰকাৰে অতি শীঘ্ৰে এই সম্বন্ধীয় আইন অনাৰ ক্ষেত্ৰত বিবেচনা কৰি আছে বুলিও সদৰি কৰে ৷

গাডকাৰীয়ে লগতে কয় যে ট্ৰেফিক আইন সঘনাই ভংগ কৰাৰ প্ৰৱনতা ৰোধৰ বাবেই চৰকাৰে নতুন আইন অনাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ ৰাজপথত ভুলকৈ বাহন ৰাখিব তেওঁ ভৰিব লাগিব ১০০০ টকা জৰিমনা ৷ একেদৰে ভুলকৈ ৰখাই থোৱা বাহনখনৰ ছবি কোনো লোকে প্ৰেৰণ কৰে সেই ব্যক্তিজনে লাভ কৰিব ৫০০ টকা ৷

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ এই সিদ্ধান্তক লৈ সৰ্বসাধাৰণ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ চৰকাৰে ৰাজকোষ টনকিয়াল কৰিবলৈ এইবাৰ টাৰ্গট কৰি লৈছে দেশৰ সাধাৰণ জনতাক ৷

Exit mobile version