ৰাজ্যৰ গহৰক্ষী জোৱানলৈ এটা ভাল খবৰ

গৃহৰক্ষী জোৱানৰ মাহিলী ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

1618254492 hc

ৰাজ্যৰ গৃহৰক্ষী জোৱানৰ বাবে এটা ভাল খবৰ৷জোৱান সকলৰ মাহিলী ভাট্টা বৃদ্ধিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গৃহৰক্ষী জোৱানে এতিয়াৰ পৰা বৰ্তমানে পাই থকা ন হেজাৰ টকাৰ পৰিৱৰ্তে দি লাগিব ২৩ হেজাৰ টকা দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ ৷ উল্লেখ্য যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দিয়া ৰায় অনুসৰি এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ অহা ৩০ দিনৰ ভিতৰত ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰাৰ নিৰ্দেশ সংশ্লিষ্ট পক্ষক ৷

মনকৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পিছতে দেশৰ ২৩ খনকৈ ৰাজ্যৰ চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ ইতিমধ্যে কাৰ্যকৰী কৰিছে ৷ এনে প্ৰেক্ষাপটত অসম চৰকাৰে কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version