৪০ দিনৰ পিছত মহাৰাষ্ট্ৰৰ সিন্দে চৰকাৰৰ ১৮ কেবিনেট মন্ত্ৰীয়ে লয় শপত

PTI08 09 2022 000202B

৪০ দিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই মহাৰাষ্ট্ৰৰ একনাথ সিন্দে চৰকাৰৰ ১৮ জনকৈ কেবিনেট মন্ত্ৰীয়ে মঙলবাৰে শপত গ্ৰহণ কৰে। সিন্দে কেবিনেটত শিৱসেনা সিন্দে গোটৰ পৰা ন জনৰ বিপৰীতে বিজেপিৰ পৰা ন জন মন্ত্ৰীয়ে লয় শপত ৷ ইয়াৰ লগে লগে মুখ্যমন্ত্ৰীকে ধৰি সিন্দে মন্ত্ৰীসভাৰ মুঠ মন্ত্ৰীৰ সংখ্যা বৃদ্ধি পালে ২০ জনলৈ।

শিৱসেনাৰ পৰা কেবিনেটত স্থান পোৱা কেইগৰাকী হৈছে- গুলাব্ৰাও পাটিল, আৰু সঞ্জয় ৰাথোড়। দাদা ভুছে, উদয় সামন্ত, সন্দীপন ভুমাৰে, দীপক কেচৰকাৰ, শম্ভুৰাজ দেশাই, আব্দুল সাত্তাৰ, তানাজী সাৱন্ত ৷ আনহাতে, বিজেপিৰ পৰা মন্ত্ৰীত্ব লাভ কৰা বিধায়ক কেইজন হ’ল আসন পোৱা অতুল চেভ,সুৰেশ খাদেসুধীৰ মুংগন্তিৱাৰ, চন্দ্ৰকান্ত পাটিল, গিৰীশ মহাজন, ৰাধাকৃষ্ণ ভিখে পাটিল, বিজয় কুমাৰ গাভিট, ৰবীন্দ্ৰ চৱন, মংগল প্ৰভাত লোধা ৷

উল্লেখ্য যে নতুন কেবিনেট গঠনৰ পূৰ্বে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে ৩০ জুনত শপত লৈছিল একনাথ সিন্দে আৰু দেবেন্দ্ৰ ফাড়নাবিছে ৷

Exit mobile version