আৰজেডি-জেডিইউ মহাজোঁটবন্ধন চৰকাৰৰ নেতৃত্বত পুনৰ নিতীশ কুমাৰ

মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয় নীতিশ কুমাৰ আৰু লালু তনয় তেজস্বী যাদৱে

Tejashwi Nitish

সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি পাটনাত আৰজেডি-জেডিইউৰ মহাজোঁটবন্ধন চৰকাৰৰ মুখ্যমন্ত্ৰী ৰূপে অষ্টমবাৰৰ বাবে শপত লয় নিতীশ কুমাৰে৷ একেদৰে উপ- মুখ্যমন্ত্ৰী হিচাপে শপত লয় লালু তনয় তথা আৰে জেডি বিধায়িনী দলপতি তেজস্বী যাদৱে৷ ইয়াৰ পূৰ্বে মঙলবাৰে বিজেপি নেতৃত্বাধীন এন ডিৰে ২২ মহীয়া মধুচন্দ্ৰিকা অন্ত পেলাই জেডিইউ-এ ৷

নিতীশ কুমাৰে আৰজেডি,কংগ্ৰেছ,বাওঁদল আৰু হামৰে মিত্ৰতা গঢ়ি পাটনাত ৰাজনৈতিক পট পৰিৱৰ্তন কৰে ৷ শপত গ্ৰহণ কৰাৰ পিছতে সাংবাদিকে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দল ঐক্যবদ্ধ হোৱাটো সাম্প্ৰতিক সময়ত অতি জৰুৰী হৈ পৰিছে৷ শপত গ্ৰহণ অনুষ্ঠানত দিল্লীত চিকিৎসাধীন হৈ থকা বাবে আৰ জে ডি মুৰব্বী লালু প্ৰসাদ অনুপস্থিত থকাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱী, লালু প্ৰসাদৰ জ্যেষ্ঠ জীয়ৰী নিচা যাদৱ সহ পৰিয়ালৰ আটাইকেইগৰাকী সদস্য উপস্থিত থাকে ৷

উল্লেখ্য যে মঙলবাৰে বিয়লী ৪ বজাত নিতীশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে৷ তাৰ পিছতে ৰাবৰী দেৱীৰ বাসগৃহত আৰ জেডি ,জে ডিইউ কংগ্ৰেছ ,বাওঁদল আৰু এইছ এ এম ৰ বিধায়কৰ সৈতে এক বৈঠকত মিলিত হৈ মহাজোঁটবন্ধন গঠন কৰে৷নীতিশ কুমাৰক মহাজোঁটবন্ধনৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়৷ তাৰ পিছতে নীতিশ কুমাৰ আৰু তেজস্বী য়াদৱ সহ মহাজোঁটবন্ধনৰ নেতা সকলে ১৬৩জনীয়া বিধায়কৰ তালিকা প্ৰদান কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াই ৷

উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ হৈছে ১২২৷এন ডিৰে মিত্ৰতাত বিজেপি ৭৭,জেডি ইউ ৪৫ আৰু এইছ এ এম ৪ সমৰ্থনত মুঠ আসন আছিল ১২৬ ৷

শেহতীয়াকৈ এন ডি এ সম্পৰ্ক ছিন্ন কৰাৰ পিছত জেডিইউ ৪৫,আৰ জে ডি ৭৯,কংগ্ৰেছ ১৯, বাওঁদল১৫ আৰু এইছ এএম ৪ ক লৈ মুঠ আসন হয়গৈ ১৫৯৷ অৰ্থাৎ মেজিক সংখ্যা অতিক্ৰম কৰি ২৭ আসন বেছি হয় আৰ জে ডি-জে ডি ইউ যৌথ মৰ্চাৰ ৷

Exit mobile version