পুনৰ জনতাৰ মাধমাৰ, তিনিমাহৰ ভিতৰত পুনৰ বাঢ়িল ঔষধৰ মূল্য

WhatsApp Image 2022 08 10 at 5.23.59 PM

দেশত খাদ্য সামগ্ৰীৰ লগতে অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰাৰ পিছত এইব ভুতৰ ওপৰত দানহ পৰাৰ দৰে তিনিমাহৰ ভিতৰত পুনৰ বাঢ়িল ঔষধৰ মুল্য ৷ একপ্ৰকাৰ নিয়ন্ত্ৰণহীন হৈ পৰিছে ঔষধৰ বজাৰখন। তিনিমাহৰ ভিতৰত দুবাৰকৈ বৃদ্ধি পালে বহুকেইটা ঔষধৰ দাম। ঔষধৰ দাম দ্ৰুতগতিত বৃদ্ধি পাই আহিছে যদিও চৰকাৰে লোৱা নাই কোনো কাৰ্যব্যৱস্থা ৷

উল্লেখ্য যে এক এপ্ৰিলৰ পৰা দেশতে প্রায় ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম দহ দশমিক এঘাৰ শতাংশ পর্যন্ত বৃদ্ধি হৈছিল। সেই অনুসৰি লিভোক্সাচিন টেবলেটৰ ১২.৪ শতাংশ, ডেক্সনা টেবলেটৰ ১০.৩৫ শতাংশ বৃদ্ধি পাইছে ৷

পান-ডি কেপছুলৰ একোটা ষ্টিপৰ দামো পূৰ্বৰ ১৯০ টকাৰ পৰা ১৯৯ টকালৈ বৃদ্ধি পাইছে । আনহাতে, এপ্ৰিল মাহৰ পৰা জুলাইলৈকে এজিথ্র’মাইচিনৰ দাম বৃদ্ধি পাইছে দুবাৰকৈ ৷

তদুপৰি ডায়েবেটিছ আৰু উচ্চৰক্তচাপত ব্যৱহৃত দৰৱৰ দাম ১২ৰ পৰা ১৫ শতাংশলৈকে, চেলাইনৰ দাম ১১ শতাংশ পর্যন্ত ,পেৰাচিটামলৰ দামো ১২ শতাংশ পর্যন্ত বৃদ্ধি কৰিছে দৰৱ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান সমুহে ৷

Exit mobile version