তিনিচুকীয়াত বস্তাই বস্তাই উদ্ধাৰ খালি কাৰ্টিজ-সক্ৰিয় গুলী

দেশৰ স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক অমৃত কা আজাদী মহোৎসৱ উদযাপন প্ৰস্তুতি চলাই থকা ক্ষণত তিনিচুকীয়াৰ এটা ডেম্পত বস্তাই বস্তাই উদ্ধাৰ হয় গুলীৰ খালি কাৰ্টিজ ৷ ইয়াকে কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় উজনি বাণিজ্য চহৰখনত। তিনিচুকীয়াৰ উপ- আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ডেম্পটোৰ পৰা ১৯ বস্তা খালী কাৰ্টিজৰ লগতে উদ্ধাৰ কৰে কেইবা ৰাউণ্ড সক্ৰিয় গুলী ৷

আৰক্ষীয়ে সদৰি কৰা মতে ডেম্পটোত বহুদিন ধৰি অবৈধভাৱে মজুত কৰি ৰাখিছিল গুলীৰ কাৰ্টিজ সমূহ। আৰক্ষীয়ে ইতিমধ্যে ডেম্পটোৰ স্বত্ত্বাধিকাৰী বীৰেন্দ্ৰ শ্বাহক আটক কৰিছে৷ বৃহৎ পৰিমাণৰ গুলীৰ খালী কাৰ্টিজ আৰু সক্ৰিয় গুলী ক’ৰ পৰা ডেম্পটোলৈ আহিল এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷

Exit mobile version