পশ্চিমবংগৰ পাছত মহাৰাষ্ট্ৰৰ ব্যৱসায়ীৰ বাসগৃহত আয়কৰৰ মাৰাথন অভিযান

৬০ কোটি টকাসহ সোণ-হীৰাৰ আ-অলংকাৰ জব্দ

পশ্চিমবংগৰ জ্যেষ্ঠ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী মডেল অৰ্পিতা মুখাৰ্জীৰ কে’বাটাও ফ্লেটত ইডিএ অভিয়ান চলাই নগদ শতাধিক কোটি উদ্ধাৰ কৰিৰ পাছত এইবাৰ আয়কৰ বিভাগে অভিযান চলায় মহাৰাষ্ট্ৰত ৷

মহাৰাষ্ট্ৰৰ জালনাত বৃহস্পতিবাৰে আয়কৰ বিভাগৰ টিম এটাই গোপন সূত্ৰৰ পমখদি বস্ত্ৰ,ৰিয়েল ইষ্টেড আৰু তীখা ব্যৱসায়ীৰ বাসগৃহ-ব্যৱসায়ী প্ৰতিষ্ঠানত চলাই মাৰাথন অভিয়ান ৷ অভিয়ানত ৩৯০ কোটি টকাৰ বেনামি সম্পত্তিৰ নথি-পত্ৰ উদ্ধাৰ কৰাৰ লগতে নগদ ৫৮ কোটি টকা, ৩২ কিলোগ্ৰাম সোণ-হীৰাৰ আ-অলংকাৰো জব্দ কৰে৷ উল্লেখ্য যে এক আগষ্টৰ পৰা ১১ আগষ্টলৈ পুৱা ১১ বজাৰ পৰা অভিযান আৰম্ভ কৰি নিশা এক বজাত অন্ত পেলাই ৷ জব্দকৃত পাহাৰ সদৃশ ৫৮ কোটি টকাৰ বান্দোল গণনা কৰি কৰি ভাগৰি পৰে নাছিক শাখাৰ আয়কৰৰ বিষয়াবৰ্গ ৷ জালনাৰ চাৰিটাকৈ তীখা উদ্যোগত ব্যাপক আয়কৰ ফাঁকি দিয়া তথ্য পোহৰলৈ আনে কেন্দ্ৰীয় সংস্থাটোৱে ৷

আয়কৰ বিভাগে পুৱা ৰাতিপুৱা ১১ বজাৰ পৰা টকা গণনাৰ আৰম্ভ হৈছিল আৰু নিশা প্ৰায় এক বজাৰ ভিতৰত নগদ ধন গণনাৰ কাম শেষ কৰিছিল । আয়কৰ বিভাগে তথ্য পাইছিল যে জালনাৰ চাৰিটা ষ্টীল কোম্পানীত অনিয়ম হৈ আছে । মনকৰিবলগীয়া যে আয়কৰ নাছিক শাখাই জালনা চহৰত নিকটৰ্ৱতী অঞ্চলত থকা তীখা কোম্পানীৰ কাৰখানা আৰু প্ৰতিষ্ঠাল কেইটাৰ ফাৰ্ম হাউচটো অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন, হীৰা আৰু বহু স্থাৱৰ -অস্থাৱৰ সম্পত্তিৰ কাগজ পত্ৰ জব্দ কৰে ৷

Exit mobile version