পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দ্বাৰা উন্মোচন পৰ্যটন গ্ৰন্থ ‘অপৰূপ অসম’

WhatsApp Image 2022 08 11 at 6.09.41 PM

ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি পৰ্যটন সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ ‘অপৰূপ অসম’ৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰে। ৭৫ সংখ্যক স্বাধীনতাৰ স্মৃতি তৰ্পণ কৰাৰ উদ্দেশ্যৰে প্ৰকাশিত এই গ্ৰন্থখনত অসমৰ ৭৫ খন আটাইতকৈ কমকৈ ভ্ৰমণ কৰা পৰ্যটন স্থানসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে।আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত মন্ত্ৰীগৰাকীয়ে কয়,পৰ্যটন সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনে নিশ্চিতভাৱে ৰাজ্যখনৰ কমকৈ ভ্ৰমণ কৰা স্থানসমূহৰ পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰিব।

লগতে মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ৰাজ্যিক কেবিনেটৰ দ্বাৰা গৃহীত নতুন পৰ্যটন নীতি, ২০২২ ৰ বিষয়েও উল্লেখ কৰি কয় যে এই নীতিয়ে বৰ্তমানৰ বন্যপ্ৰাণী আৰু ঐতিহ্যৰ লগতে চাহ বাগিচা ভ্ৰমণ,সুস্থ পদক্ষেপ আৰু অভিযানৰ প্ৰচাৰ কৰি বিশেষ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিচাৰে। তেওঁ দৃঢ়তাৰে কয় যে “চৰকাৰে দেশৰ আন প্ৰান্তৰ পৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ জনপ্ৰিয় পৰ্যটন স্থলীসমূহত ব্যৱসায়িক দৃষ্টিভঙ্গীৰে বিলাসী আতিথ্য খণ্ডসমূহক সুবিধা প্ৰদান কৰিব লাগিব।”

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰা, উপাধ্যক্ষ দিলীপ দাস,পৰ্যটন বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজবী হুছেইন, সঞ্চালিকা মধুমিতা ভাগৱতী সহ অন্যান্য সন্মানীয় ব্যক্তিসকল উপস্থিত থাকে।

Exit mobile version