মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ তৃণমূল কংগ্ৰেছৰ নেতা চিবি আই জালত

WhatsApp Image 2022 08 11 at 3.22.03 PM

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সদ্য অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জী ইডিৰ জালত পৰাৰ পিছত এইবাৰ আন এজন টিএম চি নেতা চিবিআইৰ জালত পৰে ৷ গৰুৰ চোৰাং সৰবৰাহৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ বীৰভূম জিলাৰ সভাপতি অনুব্ৰত মণ্ডলক আজি চিবি আইয়ে গ্ৰেপ্তাৰ কৰে৷ কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৰ টিম গটাই আজি পুৱাতে ধৃত নেতাজনৰ বীৰভূমৰ বলপুৰস্থিত বাসগৃহত উপস্থিত হৈ মাৰাথন জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে৷

উল্লেখ্য যে আটকাধীন টিএমচি নেতা মণ্ডলক গৰু সৰবৰাহৰ এক গোচৰৰ বাবে চিবিআইয়ে সোধপোছৰ বাবে পাঁচ আগষ্টত তলৱ কৰিছিল ৷ আৰু ৮ আগষ্টত কলকাতাৰ নিজাম পেলেচস্থিত চি বি আইৰ কাৰ্যালয়ত সো শৰীৰে হাজিৰ হ’বলৈ কোৱা হয় ৷

মনকৰিবলগীয়া যে ২০২০ চনৰ ২১ চেপ্তেম্বৰত চিবিআইয়ে ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধ গৰু সৰবৰাহৰ কাৰ্যৰে জড়িত থকাৰ অভিযোগত বিএছ এফৰ এজন অৱসৰপ্ৰাপ্ত কামাণ্ডেণ্টক গ্ৰেপ্তাৰ কৰা হৈছিল৷ধৃত কামাণ্ডেণ্ট জনৰ জেৰাত সদৰি কৰা অনুসৰিয়ে টিএম চি নেতা অনুব্ৰত মণ্ডলৰ নাম সাঙোৰ খাইছিল৷

Exit mobile version