গুজৰাটত অঘটন, বিধায়কৰ জোৱাঁই বাহনে মহতিয়ালে পথচাৰী, থিতাতে মৃত্যু ছজনকৈ লোকৰ

road accident shutterstock

এক শোকাৱহ ঘটনা সংঘটিত হৈছে গুজৰাটত৷ কংগ্ৰেছ বিধায়ক এজনৰ জোৱাঁইয়ে চলাই যোৱা বাহনে এখনে নিয়ন্ত্ৰণ হেৰুৱাই পদপথত ৰৈ থকা পথচাৰীক এফালৰ পৰা মহতিয়াই নিয়ে৷ ফলস্বৰূপে থিতাতে প্ৰাণ হেৰুৱাই ছয়জনকৈ ব্যক্তি ৷
এই ভয়ংকৰ দুৰ্ঘটনা বৃহস্পতিবাৰে নিশাভাগত সংঘটিত হয় গুজৰাটৰ আনন্দ জিলাৰ সোচিত্ৰ তহচিলৰ দালি গাঁৱত ৷

আৰক্ষীয়ে জানিব দিয়া মতে নিহত সকলৰ তিনিজন একে পৰিয়ালৰ আছিল৷ তেওঁলোক ৰক্ষা বন্ধন উদযাপন কৰিবলৈ নিজ বাসগৃহলৈ উভতিছিল ৷ আনহাতে দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখনৰ চালকজনো গুৰুত্বৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৷

আৰক্ষীয়ে দুৰ্ঘটনাটো সংঘটিত কৰা বাহনখন আসনত থকা লোকজন ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক এজনৰ জোৱাঁয়েক ৷ ইতিমধ্যে আৰক্ষীয়ে চালক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০৪ ধাৰাৰ অধীনত ৰুজু কৰিছে এটা গোছৰ ৷

Exit mobile version