মহানগৰত ভয়ংকৰ ঘটনা, নিচাআসক্ত যুৱকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত মহিলা 

WhatsApp Image 2022 08 12 at 1.31.44 PM

গুৱাহাটী মহানগৰৰ গাড়ীগাঁওত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ জানিব পৰা মতে অঞ্চলটোৰ সুৰজ আলী নামৰ উদণ্ড প্ৰকৃতিৰ যুৱক এজনে মহিলা এগৰাকীক দাৰে ডিঙি আৰু শৰীৰৰ বিভিন্ন স্হানত উপযুপৰি ঘপিয়াই ৷ গুৰুত্বৰভাৱে আহত মহিলা গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷

চিকিৎসকে সদৰি কৰা মতে সংকটজনক অৱস্থাত থকা মহিলা গৰাকীয়ে মুখমণ্ডল, ডিঙি আৰু কাণত যথেষ্ট আঘাত পাইছে । আৰক্ষীয়ে জানিব দিয়া মতেে ঘাতক যুৱকজন নিচা আসক্তআছিল৷ইতিমধ্যে আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷

কি কাৰণত মহিলা গৰাকীক ঘপিয়ালে এই সন্দৰ্ভত ধৃত যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version