চচলত চুতীয়া স্বায়ত্ত্বশাসিত পৰিষদ দাবী সমিতিৰ সহযোগত যুৱ সন্মিলনৰ অভিনৱ প্ৰতিবাদ

WhatsApp Image 2022 08 13 at 5.08.26 PM

চচলত চুতীয়া স্বায়ত্ত্বশাসিত পৰিষদ দাবী সমিতিৰ সহযোগত যুৱ সন্মিলনৰ অভিনৱ প্ৰতিবাদ

দীৰ্ঘদিন ধৰি ছয় জনগোষ্ঠী জনজাতি কৰনৰ দাবীত সংগ্ৰাম চলাই অহা ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্যতম সংগঠন চুতীয়া যুৱ সন্মিলন অসমে আজি চচলৰ ধৰ্নাস্হলীত এক ব্যতিক্ৰমী ধৰণৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷চুতীয়া স্বায়ত্ত্বশাসিত পৰিষদ দাবী সমিতিৰ সহযোগত অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীত জনজাতি কৰণৰ দাবীক পুনৰ ধাৰাবাহিক আন্দোলনৰ লগতে অৰ্ধ উলংগ হৈ চৰম প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰে সংগঠন কেইটাই ৷ উল্লেখ্যযোগ্য যে চচলৰ ধৰ্ণাস্হলীত অকলশৰে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সংগঠনৰ নেতা-কৰ্মীয়ে ‘আমাক জনজাতি লাগিবই’, ‘জনজাতিকৰন চুতীয়াসকলৰ জন্মস্বত্ব অধিকাৰ’, ‘আলোচনাৰ নামত আৰু প্ৰৱঞ্চনা সহ্য কৰা নহব’, মন্ত্ৰীগোটৰ অধ্যক্ষ মূখ্যমন্ত্ৰী ড° শৰ্মাৰ সুমতি ঘুৰি আহক, কেন্দ্ৰক শীঘ্ৰে প্ৰতিবেদন দাখিল কৰক আদি ভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে খোল- তাল- নাগাৰা লৈ নাম প্ৰসংগ কৰা দেখা যায় ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰে চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি মোহন চন্দ্ৰ শইকীয়া, কাৰ্যকৰী সভাপতি নৃপেন খনিকৰ, সম্পাদক কৌস্তুভ কিশোৰ চুতীয়া সহ কেইবাগৰাকী নেতাই ৷ ছয় জনগোষ্ঠীৰ জনজাতি কৰনৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্হা, তাই আহোম ছাত্ৰ সন্হা, চাহ জনজাতি ছাত্ৰ সন্হা, মটক যুৱ ছাত্ৰ সন্মিলন, মৰাণ ছাত্ৰ সন্হা আৰু চুতীয়া যুৱ সন্মিলন অসমৰ নেতৃত্বত গঠন হোৱা ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ বিপৰীতে আজি চুতীয়া যুৱ সন্মিলনে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে ৷

Exit mobile version