সোণাপুৰত অগপৰ দিশপুৰ বিধান পৰিষদৰ কাৰ্য্যালয় মুকলি

WhatsApp Image 2022 08 14 at 7.01.50 PM

অসম গণ পৰিষদ দলৰ দিশপুৰ বিধান পৰিষদৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ কৰি সোণাপুৰৰ বালিগেটত আজি এটি মুখ্য কাৰ্য্যালয় উদ্বোধন কৰা হয় । সেই উপলক্ষে বিধান পৰিষদৰ দলীয় নেতা, কৰ্মীৰ উপস্থিতিত অগপ নেতা ড° তপন দাসে কাৰ্য্যালয়টো আনুস্থানিকভাৱে উদ্বোধন কৰাৰ পাছতে স্থানীয় ভকত বৈষ্ণৱৰ দ্বাৰা নাম-কীৰ্তন তথা মাংগলিক ৰীতি-নীতি আদি সম্পন্ন কৰা হয় ।

আনহাতে, এই অনুস্থানতে দেশৰ আজাদী কা অমৃত মহোৎসৱৰ স’তে সংগতি ৰাখি অগপ নেতা ড° তপন দাসে উপস্থিত সকলোকে একোখনকৈ ত্ৰিৰংগা পতাকা উপহাৰ হিচাপে প্ৰদান কৰে ।

Exit mobile version