COVID-19 : ক’ভিড আপডেট

0.64708800 1655309418 0

দেশত দৈনিক সংক্রমণৰ সংখ্যা হ্ৰাস পাইছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ১৪,০৯২ । শনিবাৰে এই সংখ্যা আছিল ১৫,৮১৫ । ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ শীর্ষত আছে দিল্লী আৰু মহাৰাষ্ট্র ।

বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্র আৰু দিল্লীত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি দুহেজাৰ অতিক্ৰম কৰি যথাক্রমে ২,০৪০ আৰু ২,০৩১ হৈছে । ইয়াৰ পাছত দৈনিক সংক্রমণৰ তালিকাত আছে কর্নাটক (১,৩২৯), কেৰালা (১,০৮১) আৰু হাৰিয়ানা (৮৬৪) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৪১ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত বিগত ২৪ ঘণ্টাত কেৰালাত ক’ভিডত আক্রান্ত হৈ ১২ জন, ৰাজধানীত নজন আৰু কর্নাটকত পাঁচজন ব্যক্তি মৃত্যু হৈছে ।

ইয়াৰ উপৰি পশ্চিমবংগ আৰু গুজৰাটত তিনিজন, উত্তৰ প্রদেশত দুজন আৰু ছত্তীছগঢ়, মহাৰাষ্ট্র, পঞ্জাৱ, উত্তৰাখণ্ড, হিমাচল প্রদেশ, মেঘালয় আৰু মিজোৰামত এজনকৈ লোকৰ মৃত্যু হৈছে । শনিবাৰে এই সংখ্যা আছিল ৬৮ । দেশত এই পর্যন্ত পাঁচ লাখ ২৯ হেজাৰ ৬০০ জন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে।

এই পর্যন্ত দেশত ২০৭ কোটি ৯৯ লাখ ৬৩ হেজাৰ ৫৫৫ টিকাকৰণ হৈছে । পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ কমি হ’ল ৩.৬৯ শতাংশ । শনিবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৪.৩৬ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১৬,৪৫৪ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৬ লাখ ন হেজাৰ ৫৬৬ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৪ শতাংশ ।

Exit mobile version