কাইলৈ অসম বিধানসভাৰ বিশেষ অধিৱেশন

চাৰিঘন্টীয়া অধিৱেশনত আলোচ্য হ'ব দেশৰ স্বাধীনতা আন্দোলনৰ তাৎপৰ্য

WhatsApp Image 2022 08 16 at 3.49.31 PM

দেশৰ স্বাধীনতাৰ ৭৬ সংখ্যক দিৱসৰ আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যত কাইলৈ অসম বিধানসভাৰ বিশেষ অধিৱেশন আয়োজন কৰা হৈছে ৷

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি এক সংবাদমেলত অধিৱেশন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিস্তৃত তথ্য দাঙি কয় যে, আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যত দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসম বিধাসভাৰ বিশেষ অধিৱেশন আয়োজন কৰা হৈছে৷চাৰিঘন্টীয়া অধিৱেশনত অন্য কোনো আলোচনা নহ’ব মাত্ৰ দেশৰ স্বাধীনতা আন্দোলন তাৎপৰ্য সম্পৰ্কত আলোচনা হ’ব ৷

জ্যেষ্ঠ – কনিষ্ঠ সকলো বিধায়কে নিজৰ অনুভৱ দাঙি ধৰিব বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷

Exit mobile version