কাটিগড়াৰ কংগ্ৰেছ বিধায়কে শীৰ্ঘেই যোগ দিব এআইইউডিএফত : জাকিৰ হুছেইন লস্কৰ

WhatsApp Image 2022 08 16 at 4.40.43 PM

কাটিগড়াৰ কংগ্ৰেছ বিধায়ক খলিলউদ্দিন মজুমদাৰে শীৰ্ঘেই যোগদান কৰিব এইআইইউডিএফত ৷ এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে হাইলাকান্দিৰ এই আই ইউ ডি এফৰ জ্যেষ্ঠ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ৷ যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আই ইউ ডি এফৰ টিকট নোপোৱাৰ বাবে ক্ষোভিত হৈ কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছ টিকটত জয়লাভ কৰিছিল৷ কিন্তু শেহতীয়াকৈ বিধায়কৰ মজুমদাৰৰ কংগ্ৰেছ প্ৰতি মোহভংগ হৈছে৷ সেয়েহে অচিৰেই ঘৰৰ ল’ৰা ,ঘৰলৈ উভতিব অৰ্থাৎ পূৰ্বৰ দল এইআইইউডিএফলৈ ৷

মনকৰিবলগীয়া যে এই আই ইউ ডি এফৰ সাধাৰণ সম্পাদক বিধায়ক কৰিমউদ্দিন বৰভূঞাই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিনা সদম্ভে ঘোষণা কৰিছিল যে কংগ্ৰেছৰ পাঁচজনকৈ বিধায়কে যোগদান কৰিব এই আই ইউ ডি এফত৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ দুজনকৈ বিধায়কে কংগ্ৰেছৰ বিধায়কে অচিৰেই দলটোত যোগদান কৰাৰ কথা সদৰি কৰাক লৈ সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে দিছপুৰ এম এল হোষ্টেলত ৷

Exit mobile version