জনতাৰ ওপৰত ৰামটাঙোন, দুটকাকৈ বৃদ্ধি হ’ল আমুল গাখীৰৰ মূল্য

148715 2 amul taaza toned milk 500x500 1

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধিয়ে জনতাক জ্বলাকলা খোৱাই থকাৰ মাজতে এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে বৃদ্ধি পালে আমুল গাখীৰৰ মূল্য ৷

যোৱা মাহৰ পৰা দুগ্ধজাত সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰাৰ অচিলা লৈ দেশৰ অগ্ৰণী দুগ্ধ উৎপাদন সন্হাটোৱে তৎকালেই কাৰ্য্যকৰী হোৱাকৈ ১৭ আগষ্টৰ পৰাই বৃদ্ধি কৰে গাখীৰৰ মুল্য৷ এনে প্ৰেক্ষাপটত ৫০০ মিলি গ্ৰামৰ আমুল তাজাৰ পূৰ্বৰ ২৫ টকাৰ পৰিৱৰ্তে এতিয়া দ’ব ২৮ টকা৷একেদৰে আমুল গোল্ডো বৃদ্ধি পালে ৩১টকালৈ ৷

গুজৰাটৰ আমুল কোম্পানীয়ে সদৰি কৰা মতে, ইতিমধ্যে দাম বৃদ্ধি পাইছে গুজৰাটৰ ৰাজধানী চহৰ আহমেদাবাদ, মুম্বাই,এন চি আৰ, দিল্লী, আৰু পশ্চিম বংগত ৷ গাখীৰৰ উৎপাদনথলীত প্ৰস্তুতকৰণ আৰু পৰিবহনৰ অত্যাধিক ব্যয় বৃদ্ধিৰ বাবেই বাবেই আমুলে দুটকাকৈ গাখীৰৰ দাম বৃদ্ধি কৰে বুলি প্ৰকাশ কৰিছে ৷

Exit mobile version