নিতীশ কুমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৩১ জনীয়া মন্ত্ৰীয়ে লয় শপত, ২৪ আগষ্টত বিহাৰ বিধানসভাৰ অধিৱেশন

WhatsApp Image 2022 08 16 at 5.55.31 PM

নীতিশ কুমাৰ নেতৃত্বাধীন আৰ জে ডি আৰু জেডিইউ মহাজোঁটবন্ধন চৰকাৰৰ মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হয়৷ ৩১জনকৈ মন্ত্ৰীয়ে লয় শপত ৷ পাটনাৰ ৰাজভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ শপন গ্ৰহণ অনুষ্ঠানত আৰ জেডি ৰ ১৬, জেডি ইউ ১১, প্ৰাক্তন মুখ্যমন্ত্ৰী জীতেনৰাম মাঝিৰ হিন্দুস্থান আৱাম মৰ্চা দুজন,কংগ্ৰেছৰ দুজন আৰু দুজন নিৰ্দলীয় সহ ৩১জন বিধায়কে মন্ত্ৰী ৰূপে শপত লয় ।

শপত বাক্য পাঠ কৰায় ৰাজ্যপাল ফাগু চৌহানে৷ শপত লোৱা ২৩কেবিনেট মন্ত্ৰীৰ ভিতৰত লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱে স্হান পায় ৷ তেওঁক দিয়া হয় পৰিবেশ আৰু বন সহ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ ৷

উল্লেখযোগ্য যে বিজেপি নেতৃত্বাধীন এন ডি এ লগত সম্পৰ্ক ছেদ কৰি নিতীশ কুমাৰে আৰজে ডি,কংগ্ৰেছ, বাঁও মৰ্চা,হামৰ সৈতে মিলিত হৈ ন আগষ্টত গঠন কৰে মহাজোঁটবন্ধন৷ ১০আগষ্টত মহাজোঁটবন্ধনৰ নেতা হিচাপে অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত লয়৷উপ- মুখ্যমন্ত্ৰী হিচাপে শপত লয় আৰজে ডি বিধায়িনী দলপতি তথা লালু প্ৰসাদৰ দ্বিতীয় পুত্ৰ তেজস্বী যাদৱে ৷

বিহাৰ বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত হ’ব ২৪ আগষ্টত৷ এই অধিৱেশনতে নিতীশ কুমাৰ নেতৃত্বাধীন চৰকাৰে সংখ্যাগৰিষ্ঠতা দেখুৱাব ৷

আজি শপত লোৱা ২৩ কেবিনেট মন্ত্ৰী সকল হ’ল বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ, আলোক কুমাৰ মেহতা,তেজ প্ৰতাপ সিং, অফাক আলম,অশোক চৌধুৰী,শ্ৰৱন কুমাৰ, সুৰেন্দ্ৰ কুমাৰ যাদৱ, ড:ৰামানন্দ যাদৱ,লচী সিং, মদন চাহনী, কুমাৰ সৰ্বজীত, ললিত কুমাৰ যাদৱ, সন্তোষ কুমাৰ সুমন, সন্জয় কুমাৰ ঝা, শীলা কুমাৰী, সমীৰ কুমাৰ মহাশেঠ, চন্দ্ৰশেখৰ, সুমিত কুমাৰ সিং আৰু অনিতা দেৱী ।

Exit mobile version