হৰ ঘৰ ত্ৰিৰংগা অভিযানত বিক্ৰী ৩০ কোটি ত্ৰিৰংগা

ব্যৱসায় ৫০০ কোটিৰো অধিক

har ghar tiranga how to fold national flag steps 1659629729528 1659629729793 1659629729793

দেশৰ স্বাধীনতা ৭৬ সংখ্যক দিৱস উদযাপনৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকে ১৩আগষ্ট পৰা ১৫ আগষ্টলৈ নিজৰ বাসগৃহত ত্ৰিৰংগা পতাকা উত্তোলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ কৰিছিল৷এই অভিযানৰ প্ৰতি ব্যাপক সহাৰি জনায় দেশবাসীয়ে ৷

এই সন্দৰ্ভত দেশৰ অগ্ৰণী ব্যৱসায়ী সন্হা কনফেডাৰেশ্বন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ চমুকৈ চি এ আই টি য়ে ত্ৰিৰংগা পতাকা বিক্ৰীৰ এক সমীক্ষা দাঙি ধৰিছে ৷ প্ৰধানমন্ত্ৰী হৰ ঘৰ ত্ৰিৰংগা অভিযানে এইবাৰ দেশত ৩০ কোটিকৈও বেছি ত্ৰিৰংগা বিক্ৰীৰে প্ৰাই ৫০০ কোটি টকাৰ ব্যৱসায় হয় ৷ কিন্ত ইয়াৰ পূৰ্বৰ বৰ্ষ সমুহত ব্যৱসায় আছিল ১৫০-২০০ কোটি টকা ৷

ভাৰতীয় উদ্যোগী সকলে যোৱা ২০ টা দিনত ৩০ কোটিৰো অধিক ত্ৰিৰংগা নিমাৰ্ণ কৰি এক অভিলেখ সৃষ্টিৰে নিজৰ সামথ্য দাঙি ধৰে বুলিও প্ৰকাশ কৰে চি এ আই টি য়ে৷ একেদৰে নিমাৰ্ণত জড়িত হৈছিল ১০ লাখৰো অধিক লোক ৷

Exit mobile version