বকো হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ পাঁচ লাখ ৭০ হেজাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ

WhatsApp Image 2022 08 17 at 9.03.37 PM

ৰাজ্যৰ শিক্ষা বিভাগৰ চূড়ান্ত হেমাহীৰ বাবে একাংশ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে উচিত শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । একেদৰে একাংশ প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰি নিজৰ জেপ গৰম কৰিছে । দুই এজন অসৎ শিক্ষকৰ বাবে বাৰে বাৰে লজ্জানত, অপমানিত হয় শিক্ষক সমাজ । এনে এক ঘটনা সংঘটিত হৈছে বকো হাই স্কুলত । বিদ্যালয় পৰিদৰ্শকৰ অধীনৰ ১৯৪৯ত স্থাপন কৰা এখন অগ্ৰণী শিক্ষানুষ্ঠান বকো হাই স্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে মধ্যাহ্ন ভোজনৰ প্ৰায় ছয় লাখ টকা কৌশলৰে সৰকাইছে । এই ঘটনাই হতচকিত কৰি তুলিছে বকোৰ সচেতন মহলক ।

বৃহত্তৰ বকো অঞ্চলক জ্ঞানৰ গৰিমাৰে পোহৰাই তোলা হীৰকজয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা বহুজনৰ বিদ্যা মন্দিৰ বকো হাইস্কুলৰ ঐতিহ্যত কালিমা সানিলে প্ৰধান শিক্ষকগৰাকীয়ে । শিক্ষক সমাজক কলংকিত কৰা এক অধ্যায় পোহৰলৈ আহিছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ বিৰুদ্ধে গোচৰ তৰা হৈছে ।

একেদৰে আজি দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাই ঘটনা সন্দৰ্ভত বকো ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । ইফালে, সমগ্ৰ কাৰচাজি ফাদিল হোৱাত প্ৰধান শিক্ষকৰ নিৰ্লজভাৱে সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দিলে পুনৰ বিদ্যালয়ৰ একাউণ্টত জমা কৰা হ’ব ধনৰাশি ।

ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ একাংশ শিক্ষকে ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত । পৱিত্ৰ শিক্ষা বৃত্তিত জড়িত একাংশ শিক্ষকৰ বাবে বাৰে বাৰে লজ্জানত, অপমানিত হয় শিক্ষক সমাজ ।

পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি পাঁচ লাখ ৭০ হেজাৰ টকা উইথড্ৰ’ কৰিছিল । বিদ্যালয়ৰ পিএনবি একাউণ্টৰ পৰা উইথড্ৰ’ কৰা হৈছিল ধনৰাশি । ৪৮ বেগ মধ্যাহ্ন ভোজনৰ চাউল বিতৰ্কতো জড়িত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মন । সমগ্ৰ ঘটনা আইএছক অৱগত কৰা হৈছে । বকোৰ সৰ্বত্ৰে প্ৰধান শিক্ষকৰ কাণ্ডক লৈ চৰ্চা চলিছে ।

ধনৰ লালসাত এইজন প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ পাঁচ লাখ ৭০ হেজাৰ টকা কৌশলৰে সৰকাইছে । বিদ্যালয় পৰিচালনা সমিতিক অন্ধকাৰত ৰাখি, পৰিচালনা সমিতিৰ সভাপতি ফণী চৌধুৰীৰ পৰা প্ৰৱঞ্চনাৰে চহী লৈ বেংকৰ পৰা উলিয়াই পাঁচ লাখ ৭০ হেজাৰ টকা । ৭০ হেজাৰ টকা প্ৰয়োজন দেখুৱাই চাৰিখন চেকত চহী লয় প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে । তাৰ পাছত বিদ্যালয়ৰ নামত থকা পঞ্জাৱ নেচনেল বেংক বকোৰ পৰা উইথড্ৰ’ কৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ধন । ১৫ জুলাইত উলিয়াই দুই লাখ টকা । ২২ জুলাইত দুই লাখ টকা । ২৭ জুলাইত এক লাখ আৰু ৩০ জুলাইত ৭০ হেজাৰ টকা উইথড্ৰ’ কৰে ।

বকো হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনৰ মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ সন্দৰ্ভত আজি দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাই স্মাৰকপত্ৰ দাখিল কৰে । বকোৰ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে । স্মাৰকপত্ৰৰ জৰিয়তে দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিমা শৰ্মা আৰু সম্পাদক অজিত আলীয়ে । বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ পাঁচ লাখ ৭০ হেজাৰ টকা আত্মসাতৰ অভিসন্ধিৰে পৰিচালনা সমিতিৰ সভাপতি ফনিন্দ্ৰ চৌধুৰী আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে বেংকৰ পৰা উলিয়ায় । বিদ্যালয় পৰিচালনা সমিতিক সম্পূৰ্ণ অন্ধকাৰত ৰাখি বেংকৰ টকা উলিওৱা বিষয়টো নীতি বিৰুদ্ধ কাম বুলি বিবেচনা কৰি বিষয়টো বিভাগীয়ভাৱে তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ।

একেদৰে, পৰিচালনা সমিতিৰ অনুমোদন অবিহনে উইথড্ৰ’ কৰি আত্মসাতৰ অভিসন্ধি সন্দৰ্ভত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বকো থানাত এজাহাৰ দাখিল কৰা হৈছে । দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে এজাহাৰ দাখিল কৰিছে বকো হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ দীপক কুমাৰ ৰাভাই । ঘটনাক কেন্দ্ৰ কৰি বৌদ্ধিক মহলত চৰ্চা অব্যাহত ।

ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয়ৰ একাংশ শিক্ষকে ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত । পৱিত্ৰ শিক্ষা বৃত্তিত জড়িত একাংশ শিক্ষকৰ বাবে বাৰে বাৰে লজ্জানত, অপমানিত হয় শিক্ষক সমাজ । এনে শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

Exit mobile version