কেন্দ্ৰীই মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ কমিটিৰ সদস্যৰ দায়িত্ব

WhatsApp Image 2022 08 17 at 2.54.59 PM

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় জাহাজ আৰু আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ বিজেপিৰ গুৰুত্বপূৰ্ণ দায়িত্ব৷ বিজেপিৰ সংসদীয় কমিটিৰ সদস্য ৰূপে মনোনিত কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্ৰকাশ নাড্ডাই ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাত স্হান পোৱাৰ পিছৰে পৰা ক্ৰমাৎ নিজৰ কৰ্মদক্ষতা আৰু কৃতিত্বৰ বলত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলৰ কেইবাখনো শীৰ্ষ কমিটি সদস্য ৰূপে দায়িত্ব চম্ভালি থকাৰ মাজতে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে নতুনকৈ গঠন কৰিলে বিজেপিৰ সংসদীয় কমিটি৷এই কমিটিৰ সদস্য হিচাপে নিয়োজিত কৰে সৰ্বানন্দ সোণাৱালক ৷

উল্লেখ্য যে এই কমিটি খনে প্ৰাৰ্থীত্ব প্ৰদানৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰে৷এই কমিটিত থকা আন গুৰুত্বপূৰ্ণ সদস্য হ’ল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্ৰকাশ নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷

Exit mobile version