Flag Hoisting : খ্রিষ্টিয়ান ধৰ্মাৱলম্বী হোৱাৰ বাবে স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰি বিতৰ্কৰ আৱৰ্তত তামিলনাডুৰ প্রধান শিক্ষয়িত্ৰী

1660744712 women

ধর্মপৰিচয়ত খ্রিষ্টিয়ান, সেয়ে স্বাধীনতা দিৱসৰ দিনা পতাকাই উত্তোলন নকৰিলে চৰকাৰী বিদ্যালয়ৰ প্রধান শিক্ষয়িত্ৰীয়ে ! এই ঘটনা তামিলনাডুৰ ধর্মপুৰী জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ । শিক্ষয়িত্ৰীৰ নাম তামিলছেলভি । পতাকা উত্তোলন নকৰাৰ কাৰণ ব্যাখ্যা কৰি তেওঁৰ যুক্তি, তেওঁ খ্রিষ্টিয়ান, সেয়ে তেওঁ ঈশ্বৰৰ বাহিৰে অন্য কাকো অভিবাদন জনাব নোৱাৰে । সেয়া লাগিলে কোনো ব্যক্তি নহৈ জড় পতাকাই নহ‌ওক কিয় ।

অৱশ্যে এই বছৰেই প্রথম নহয়, বিগত চাৰি বছৰ ধৰি তেওঁ স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন নকৰে । তামিলনাডুৰ এই বিদ্যালয়ৰ সহ প্রধান শিক্ষয়িত্ৰীয়ে পতাকা উত্তোলন কৰে । স্বভাৱিকতেই, চৰকাৰী বিদ্যালয়ৰ প্রধান শিক্ষয়িত্ৰীৰ এনে আচৰণৰ বিৰুদ্ধে জিলাৰ মুখ্য শিক্ষা বিষয়াক অভিযোগ কৰিছে কোনো কোনোৱে । অভিযোগপত্রত কোৱা হৈছে, অসুস্থতাৰ কথা কৈ পূৰ্বেও স্বাধীনতা দিৱসৰ দিনা অনুপস্থিত আছিল শিক্ষয়িত্ৰীগৰাকী ।

আত্মপক্ষ সমর্থনত অৱশ্যে এটা ভিডিঅ’-বার্তাত এই শিক্ষয়িত্ৰীয়ে জনাইছে, তেওঁ ইয়াকোবা খ্রিষ্টিয়ান, সেয়ে তেওঁ জাতীয় পতাকা উত্তোলন তথা পতাকাক অভিবাদন জনাব নোৱাৰে । তেওঁ কয়, “আমি কেৱল ঈশ্বৰকেই প্রণাম বা অভিবাদন জনাওঁ ।” যদিও তেওঁৰ দাবী, তেওঁ জাতীয় পতাকাক অসন্মান কৰা নাই । কিন্তু অভিবাদন জনোৱাৰ প্রশ্নত কেৱল ঈশ্বৰকেই স্থান দিয়ে । সেয়ে তেওঁ তেওঁৰ সহকর্মীক পতাকা উত্তোলন কৰিবলৈ কয় বুলি জনাইছে ।

দেশজুৰি চৰকাৰী স্তৰত ‘হৰ ঘৰ ত্ৰিৰংগা’ সন্দৰ্ভত তীব্ৰ প্রচাৰ অভিযান চলোৱাৰ সময়তে, এই ঘটনাত অবাক হৈছে সকলো । জাতীয় পতাকাক অবমাননা কৰাৰ দোষত শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব নে নাই, প্রশাসনৰ তৰফৰ পৰা সেয়া এতিয়াও জনোৱা নাই ।

Exit mobile version