নলবাৰীত মৰ্মান্তিক ঘটনা, দুই সন্তানৰ স’তে বিষপান পিতৃৰ !

3d9746ug dead body

নিজৰ দুই কণমানি পুত্ৰক বিষপান কৰাই পিছত পিতৃয়েও বিষপান কৰাৰ দৰে মৰ্মান্তিক ঘটনা এটাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ শোকাৱহ ঘটনাটো সংঘটিত হয় নলবাৰী জিলাৰ বৰভাগৰ দোকোহাত ৷ নিজ পত্নীয়ে স্বামীৰ লগতে এমা-ডিমা দুই কণমাণি সন্তানক এৰি থৈ পৰপুৰুষৰ লগত পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল দিন হাজিৰাৰে জীৱননিৰ্বাহ কৰা দোকোহাৰ দ্বিপুল শইকীয়া নামৰ লোকজনে ৷

পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত কমাৰকুছি আৰক্ষী চকীত এজাহাৰ দিছিল ৷ কিন্ত আৰক্ষীয়ে ঘটনাটোক গুৰুত্ব নিদিয়াৰ বাবেই হতাশাত ভোগী দ্বিপুল শইকীয়াই দুই কনমানি পুত্ৰ মানৱজ্যোতি (১৩) আৰু ভাৰ্গৱজোতি (৭)ক বিষ দি পিছত নিজেও বিষ পান কৰি আত্মহত্যা প্ৰয়াস কৰে ৷ স্থানীয় প্ৰতিবেশীয়ে লগে লগে দুই কণমাণি সহ দ্বিপুল শইকীয়াক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে ৷

কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় পিতৃ গৰাকীৰ ৷ আনহাতে, সংকটজনক অৱস্থাত থকা দুই কণমানি যুঁজিছে এতিয়া জীৱন-মৃত্যুৰ স’তে ৷ এই কৰুণ ঘটনাই সমগ্ৰ নলবাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
স্থানীয় লোকৰ অভিযোগ কমাৰকুছি আৰক্ষীৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটিলৈ অমানিশা নামি আহিল ৷ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কমাৰকুছি আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায় ৷

Exit mobile version