চৰকাৰী বিদ্যালয়ত ইংৰাজী ভাষা প্ৰয়োগ, চৰকাৰৰে দল-সংগঠনৰ হোৱা আলোচনা বিফল

WhatsApp Image 2022 08 18 at 7.18.19 PM

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰিবলৈ ওলোৱা বিষয়ক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ৰাজ্য চৰকাৰৰে আছু,এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ কৰ্মকৰ্তাৰে অনুষ্ঠিত হয়  এক গুৰুত্বপূৰ্ণ বৈঠক ৷ কিন্ত বৈঠকত নোলাল কোনো সমাধান সূত্ৰ ৷ ৰাজ্য চৰকাৰৰ হৈ বৈঠকত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে কয়,পৰৱৰ্তী সময়ত পুনৰ চৰকাৰ আৰু দল- সংগঠনৰ বৈঠক অনুষ্ঠিত হ’ব আৰু তাতে নিশ্চয় সমাধান সূত্ৰ ওলাব ৷

বৈঠক শেষ কৰি সংবাদমাধ্যমৰ আগত কয় যে, আজি বৈঠকত ভাগ লোৱা সংগঠন কেইটাই মাতৃভাষাৰ শিক্ষানুষ্ঠান সমুহত গুণগত শিক্ষা দাবী কৰি ইংৰাজীৰ জ্ঞান দিয়াৰ ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণৰ দাবী কৰে সংগঠন কেইটাই। একেদৰে বিদ্যালয় সমুহৰ আন্ত:গাঠনি অতি নিম্নমানৰ বুলি সংগঠন সমুহে কোৱাৰ বিপৰীতে চৰকাৰে জনায় যে আন্তগাঁথনিৰ বাবে ইতিমধ্যে চৰকাৰে ধাৰ্য্য কৰিছে ১০ কোটি টকা ৷ আনহাতে বৈঠকক ভাগ লোৱা আছুৰ উপদেষ্টা ড:সমু্জ্জল ভট্টাচাৰ্যই সাংবাদিকক কয়, এই বৈঠকত কোনো সমাধান সূত্ৰ নোলাল এইকাৰণেই যে, চৰকাৰৰ সিদ্ধান্ত আছিল অবিবেকী আৰু অদৰকাৰী ৷ চৰকাৰে নতুনকৈ স্থাপন কৰা আদৰ্শ বিদ্যালয় সমুহ চিবিএছ ই ৰ অধীনলৈ নিয়াৰ তীব্ৰ বিৰোধিতা কৰি ভট্টাচাৰ্যই কয়,মাতৃভাষাৰ ওপৰত শেহতীয়াকৈ চাৰিওফালৰ পৰা আক্ৰমণ অব্যাহত আছে ৷ আনকি তৃতীয় আৰু চতুবৰ্গ চাকৰি নিযুক্তি বাবে হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত হিন্দীত প্ৰস্তুত কৰি চৰকাৰে এক প্ৰকাৰ মোক্ষম আঘাত হানিছে ৷

আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতা দীপেন বড়োৱে কয় ,আমি নিজৰ স্থিতিৰ পৰা বিচলিত নহও৷চৰকাৰৰ সৈতে মুল বিষয়ত একমত হ’ব পৰা নাই ৷ অৱশ্যে সমগ্ৰ বিষয় সন্দৰ্ভত এমাহৰ ভিতৰত চৰকাৰৰে পুনৰ বৈঠকত মিলিত হোৱাৰ কথা সদৰি কৰে ছাত্ৰ নেতাদ্বয়ে ৷

Exit mobile version