Japan Alcohol : মদ্যপান হ্ৰাস পাইছে যুৱ প্রজন্ম‌ৰ, মূৰে-কপালে হাত দিছে চৰকাৰে, চাহিদা বৃদ্ধি কৰিবলৈ নতুন জাল

bottles beverages Host exhibition hospitality industry Milan OCTOBER 18 2013

দেশৰ তৰুণ প্রজন্ম‌ই যথেষ্ট পৰিমাণে সুৰা পান কৰা নাই । তাকে লৈ মূৰে-কপালে হাত দিছে জাপান চৰকাৰে । জাপানৰ বিভিন্ন সমীক্ষাত অনুযায়ী, অতিমাৰীৰ সময়ৰ পৰাই সেই দেশৰ যুৱ প্ৰজন্ম‌ই পর্যাপ্ত পৰিমাণে মদ্যপানৰ পৰা বিৰত আছে । অতিমাৰী পৰিস্থিতি উন্নত হ’লেও সুৰাৰ বিক্রী কমিছে । সুৰা বিক্রী কৰি মোটা ৰাজহ আদায় কৰে জাপান চৰকাৰে । সুৰাৰ প্রতি যুৱ প্রজন্ম‌ৰ অনীহাৰ ফলত বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতি টলমল কৰিছে । কেনেদৰে সুৰাৰ বিক্রী বঢ়াব পাৰি ? তাক লৈ নতুন নতুন উপায় উলোৱাত ব্যস্ত সেই দেশৰ চৰকাৰ ।

যুৱ প্ৰজন্মক আকৌ মদ্যপানৰ প্ৰতি উৎসাহিত কৰিবলৈ বিভিন্ন প্রতিযোগিতাও আৰম্ভ কৰিছে চৰকাৰে । জাপানৰ ‘নেছনেল টেক্স এজেন্সি’-ৰ তত্ত্বাৱধানত ‘চেক ভাইভা’ নামে এটা প্রচাৰ অভিযান আৰম্ভ কৰা হৈছে, যাৰ মূল উদ্দেশ্য যুৱ প্ৰজন্মৰ মদ খোৱাৰ চাহিদা বৃদ্ধি কৰা ।

জাপানত সকলো ধৰণৰ সুৰাৰ প্রচাৰ কৰিবৰ বাবেই এই প্রচাৰ অভিযানৰ উদ্দেশ্য । লগতে এটা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে য’ত প্রতিযোগীসকলে সুৰাৰ বিক্রী বঢ়োৱাৰ বিভিন্ন উপায় লৈ উপস্থিত হ’ব আৰু জনাব । প্রতিযোগিতাৰ শেষত যাৰ উপায় সৰ্বশ্ৰেষ্ঠ হ’ব তেওঁ এই প্রতিযোগিতাত বিজয়ী হ’ব । ‘নেছনেল টেক্স এজেন্সি’-ৰ তৰফৰ পৰা জনোৱা হৈছে, এই প্রতিযোগিতাত অংশ ল’বলৈ আবেদন কৰাৰ অন্তিম তাৰিখ ন ছেপ্টেম্বৰ । অক্টোবৰত চূড়ান্ত পর্যায়ৰ প্রতিযোগীসকলৰ বাছনি কৰা হ’ব । এই প্রতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব নৱেম্বৰত । টেক্স অফিচ অনুসৰি, বিজয়ী উপায়ত কাম কৰিবৰ বাবে চৰকাৰৰ তৰফৰ পৰা ধন আৰু সমর্থন পাব ।

অৱশ্যে সুৰা বিক্রীৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে জাপান চৰকাৰৰ এই নতুন জাল বিভিন্ন মহলত সমালোচিতও হৈছে ।

Exit mobile version