অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাৰ অন্তৰ্ভুক্তিক লৈ সৰৱ ভূমিকা গ্ৰহণ কৰা ৰাজ্যৰ দল-সংগঠন তথা বুদ্ধিজীৱি মহলক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে ইংৰাজী ভাষাৰ বিৰোধিতা কৰা সকলো দল-সংগঠনৰ লগতে তথাকথিত বিশিষ্ট ব্যক্তি সকলকো তুলা-ধূনা দিয়া দেখা যায় ।
বিশেষকৈ ইংৰাজী ভাষাৰ অন্তৰ্ভুক্তিক লৈ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কৰা বিৰোধিতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় ‘’ কুলধৰ শইকীয়াই নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাই এতিয়া কৰা এই বিৰোধিতা উচিত নহয় ।‘’
ইয়াৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই বুলিও উল্লেখ কৰে যে, মোৰ সন্তানেও ইংৰাজী মাধ্যমত পঢ়ি আছে । এই সময়ত এনে এজন ব্যক্তি নাই যাৰ সন্তান ইংৰাজী মাধ্যমত পঢ়া নাই ।
তেনেক্ষেত্ৰত বিৰোধিতা কৰা সকলে নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাই সাধাৰণ শ্ৰেণীৰ লোকক অত্যাচাৰ নকৰিবলৈ আহ্বান জনায় ।
কুলধৰ শইকীয়াই নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাই এতিয়া কৰা এই বিৰোধিতা উচিত নহয়
অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাৰ অন্তৰ্ভুক্তিক লৈ বিৰোধিতা কৰা সকলক মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ
