প্ৰধানমন্ত্ৰী বিশেষ সুৰক্ষা গাৰ্ড(এছ পি জি)ত অন্তভুৰ্ক্ত হ’ল দেশীয় কুকুৰ ‘মুঢল’

WhatsApp Image 2022 08 20 at 2.31.54 PM

প্ৰথমবাৰৰ বাবে থলুৱা প্ৰজাতিৰ দেশীয় কুকুৰ ‘মুঢল’অন্তভুৰ্ক্ত কৰা হ’ল প্ৰধানমন্ত্ৰীৰ এচ পি জি ডগ’স্কোৱাডত ৷ ইতিমধ্যে ভাৰতীয় সেনা আৰু বায়ু সেনাত সেৱা আগবঢ়াই আছে কেইবাটাও দেশীয় কুকুৰ মুঢলে ৷
জানিব পৰা মতে থলুৱা প্ৰজাতিৰ দুটা কুকুৰক এছ পি জিত অন্তভুৰ্ক্ত কৰাৰ পিচত দিয়া হৈছে মাৰাথন প্ৰশিক্ষণ ৷ চাৰি মাহৰ কঠোৰ অনুশীলনৰ অন্তত ডগ’স্কোৱাডৰ অংশ হ’ব এই দুটা দেশী কুকুৰ ৷ চলিত বৰ্ষৰ ২৫ এপ্ৰিল মাহত কৰ্ণাটকৰ ‘কেনো গৱেষণা কেন্দ্ৰ আৰু টিমাপুৰ বাগলকোটৰ দুটা কুকুৰ এছ পি জি অন্তভুৰ্ক্ত কৰিছিল ৷
চি আৰ আই চি সঞ্চলক ড:বি এন পঞ্চবুদ্ধই জানিব দিয়া মতে প্ৰথমে তামিলনাডুৰ ৰাজপল্লম আৰু উত্তৰ প্ৰদেশৰ ৰামপুৰিৰ প্ৰজাতিৰ কুকুৰৰ কথা প্ৰথমে চিন্তা কৰা হৈছিল ৷ শাৰীৰিক ক্ষমতা আৰু চিকাৰৰ গুণৰ বাবে দেশীয় কুকুৰ’মুঢল’ক এছ পি জিত অন্তভুৰ্ক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

ADVERTISEMENT
Exit mobile version