বানপীড়িত হিতাধিকাৰীৰ মাজত পুনৰ সংস্থাপনৰ বাবে আৰ্থিক সাহাৰ্য্য বিতৰণ

WhatsApp Image 2022 08 20 at 7.33.00 PM

আজি নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বানপীড়িত হিতাধিকাৰী সকলৰ মাজত পুনৰ সংস্থাপনৰ বাবে আৰ্থিক সাহাৰ্য্য বিতৰণ আৰু অৰুণোদয় মাহৰ আনুষ্ঠানিক উদ্ধোধন উপলক্ষে আয়োজিত সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই । সভাত মন্ত্ৰী গৰাকীয়ে শেহতীয়া বানপানীৰ সময়ত বানপীড়িত পৰিয়ালৰ হিতাধিকাৰী সকলক চেক বিতৰণ কৰে । মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত আজিৰ পৰা অহা ২০ ছেপ্টেম্বৰলৈকে আৰম্ভ হোৱা অৰুনোদয় মাহৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ হিতাধিকাৰী সকলৰ মুক্ত আৰু ন্যায্য চিনাক্তকৰণ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সভাত নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সংসদ তথা অসম খাদ্য ও গ্ৰাহক পৰিক্ৰমা নিগমৰ অধ্যক্ষ ৰাজেন গোহাঁই, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈ, সমাজকৰ্মী যতীন চন্দ্ৰ নাথ, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল, আৰ.জিৰ হিতাধিকাৰী সকলকে প্ৰমুখ্য কৰি বিভিন্ন মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

Exit mobile version