মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত শুভাৰম্ভ কৰিলে অৰুণোদয় মাহ , ছয় লক্ষাধিকে পাব অৰুণোদয়ৰ ধন

WhatsApp Image 2020 10 13 at 1.26.50 PM

ৰাজ্যৰ লক্ষাধিক নতুন হিতাধিকাৰীয়ে শীৰ্ঘে পাব অৰুণোদয়ৰ ধন ৷ একেদৰে আজিৰ পৰা পুৰ্বৰ প্ৰাপ্ত হিতাধিকাৰীসকলৰ তালিকা হ’ব পুনৰীক্ষণ ৷ আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ মাহৰ শুভাৰম্ভ কৰি এইদৰে মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, অৰুণোদয় হ’ল ৰাজ্যৰ আটাইতক বৃহৎ আঁচনি ৷ পহিলাতে এই আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলে পাই আহিছিল ৮৩০ টকা ৷ এই ধন ইতিমধ্যে পাই আছিল প্ৰায় বিশ লাখ হিতাধিকাৰীয়ে৷ পিছত এই ধন বৃদ্ধি কৰি কৰা হয় এহেজাৰ টকা ৷ কিন্ত এইবাৰ এহেজাৰ টকাৰ পৰা পুনৰ বৃ কৰা হয় ১২৫০ টকা ৷ ইয়াৰে ২৫০ টকা বিদ্যুৎ মাচুলৰ বাবে দিয়া হৈছে  ৷’
আনহাতে আজিৰ পৰা আৰম্ভ কৰা হয় ইতিপূৰ্বে অৰুণোদয়ৰ ধন লাভ কৰি থকা হিতাধিকাৰীৰ তালিকা পুনৰীক্ষণ ৷ চৰকাৰে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটিখনে হিতাধিকাৰীৰ নথিপত্ৰ পৰীক্ষাৰ কৰাৰ লগতে মৃত্যু হোৱা হিতাধিকাৰী নাম,চাকৰি কৰি থকা লোকৰ নাম, নিজ ইচ্ছাৰে নাম কৰ্তন বাবে দিয়া আবেদন আৰু ভুৱাকৈ নিজৰ নাম সংযোজিত কৰা হিতাধিকাৰীৰ নাম কৰ্তন সন্দৰ্ভত ব্যৱস্থা ল’ব ৷ উল্লেখ্য যে যোগ্য অৰুণোদয় হিতাধিকাৰী সকলৰ বাসগৃহত চৰকাৰে লগাব লগ ‘৷

মনকৰিবলগীয়া যে অৰুণোদয় আচঁনিত বহু ধনী লোকে নিজৰ নাম অন্তভুৰ্ক্ত কৰি আছিল ৷একেদৰে বহুতৰে আছে ফ্ৰীজ,দুচকীয়া আৰু চাৰিচকীয়া বাহন ৷ এনেলোকক তালিকাৰ পৰা কৰ্তন কৰাৰ প্ৰস্তুতি চলাইছে চৰকাৰে ৷ আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷

বানাক্ৰান্তৰ ক্ষতিগ্ৰস্ত সকললৈ পুণবাৰ্সন অনুদান পুঁজি বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ :

এই বছৰৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত হোৱাপৰিয়াল সমুহলৈ পোনপটীয়াকৈ লাভালাভ হস্তান্তৰৰ জৰিয়তে পুণবাৰ্সন অনুদানৰ পুঁজি বিতৰণৰ শুভাৰম্ভ কৰে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে ৩০ খন জিলাত২,০৪,৩৪৮ টা ঘৰৰ বিপৰীতে পোনপটীয়াকৈ লাভালাভ হস্তান্তৰৰ জৰিয়তে ধাৰ্য কৰা মুঠ অনুদান হৈছে ১১৯.১১ কোটি টকা ৷ তদুপৰি সম্পূৰ্ণৰূপে আৱাস ধবংস হোৱা ৩০৯ টা পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত অতিৰিক্ত একলাখ টকাকৈ মুঠ ৩.০৯ কোটি আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে ৷

Exit mobile version