শিলচৰত বানাক্ৰান্তক আৰ্থিক সাহায্য চিক বিতৰণ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰীৰ

WhatsApp Image 2022 08 20 at 8.38.03 PM

শিলচৰত আজি বানাক্ৰান্তত ক্ষতিগ্ৰস্ত লোক সকল আৰ্থিক সাহায্য প্ৰদানৰ লগতে বাবে অৰুণোদয় প্ৰকল্পৰ শুভাৰম্ভ কৰে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ শিলচৰৰ গান্ধী ভৱনত এই উপলক্ষে আয়োজিত এক সভাত আনুষ্ঠানিকভাৱে বানাক্ৰান্তসকলক এককালীন আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে অৰুণোদয় প্ৰকল্পৰ সামাজিক জৰীপৰ কাম আৰম্ভ কৰে । উল্লেখ্য যে ৰাজ্যখনত আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ। এই আঁচনিৰ অধীনত সুবিধা লাভ কৰি থকা হিতাধিকাৰীসকলৰ বাসগৃহলৈ এন চি চি, এন এছ এছৰ ছাত্ৰ-ছাত্ৰী সকলে পুনৰীক্ষণ বাবে যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ইয়াৰ অংশ হিচাপে শনিবাৰে কাছাৰ জিলাতো অৰুণোদয় মাহৰ উদ্বোধন কৰা হয়। আজিৰ পৰা ২০ ছেপ্টেম্বৰলৈকে চলিব এই অভিযান । শিলচৰ গান্ধী ভৱনত আয়োজন কৰা এই অনুষ্ঠানত কাছাৰ জিলাৰ বানপীড়িত ৰাইজক DBT ৰ জৰিয়তে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হয় আৰু মণিপুৰত ভূমিস্খলনত নিহত হোৱা লক্ষ্মীপুৰ গোটৰ চাহজাহান লস্কৰৰ পত্নীক মুখ্যমন্ত্ৰীপুঁজি পৰা ২ লাখ টকাৰ চেক প্ৰদান কৰা হয়।
কাছাৰ জিলাত এক লাখ পোন্ধৰ হাজাৰ হিতাধিকাৰীৰ পুনৰ পৰীক্ষণ কৰা হ’ব। প্ৰায় ৮০০ এন চি চি এম এছ কেডাৰে এই ঘৰে ঘৰে পৰিদৰ্শন কৰিব বুলিও জানিব দিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে। তেওঁ সাধাৰণ ৰাইজক ইয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে সকলোকে নিৰন্তৰভাৱে সহায় কৰি আছে বুলি মন্তব্য কৰে মন্ত্ৰীবৰুৱাই। তেওঁ সুখী যে বানপানীত ঘৰ-দুৱাৰ হেৰুওৱা ৮১,৫৪৪ টা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। সভাখনত মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে শিলচৰৰ সাংসদ ৰাজদীপ ৰায়, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু উদাৰবন্দৰ বিধায়ক মিহিৰাকান্তি সোম, জিলা উপায়ুক্ত ৰোহন ঝাৰ উপৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া ।

ADVERTISEMENT

 

 

Exit mobile version