ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যৰ দুখনকৈ চাহ বগিছাত শীঘ্ৰেই নিৰ্মাণ হ’ব তাৰকাযুক্ত হোটেল । গোলাঘাটৰ হাতীখুলি চাহ বগিছা আৰু নগাঁৱৰ কলিয়াবৰৰ কেলিডেন চাহ বগিছাৰ ভূমিত নিৰ্মাণ কৰা হ’ব এই তাৰকাযুক্ত হোটেল । ইতিমধ্যে ইণ্ডিয়ান হোটেল কোম্পনী লিমিটেড (IHCL)ৰ লগত ৰাজ্য চৰকাৰে এই সম্পৰ্কে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বাগিচাৰ মলিকৰ পৰা ভূমি লৈ কোম্পানীক দিয়াৰ কথা ঘোষণা কৰিছে । ৰাজ্যৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে কেলিডেন চাহ বাগিচাৰ কৰ্তৃপক্ষই ।সাংবাদিকৰে হোৱা মুখামুখিত বগিচাখনৰ জ্যেষ্ঠ পৰিচালক ৰাজশেখৰ দত্তই বৰ্তমানলৈকে স্থান ঠিক হোৱা নাই বুলি সদৰি কৰাৰ লগতে ইণ্ডিয়ান হোটেল কোম্পানীয়ে বগিচাখনৰ কেইবাস্থানতো ভূমিৰ জৰীপ চলোৱাৰ কথা জানিবলৈ দিয়ে । যদিও চৰকাৰৰ এই সিদ্ধান্তই অসমৰ পৰ্যটন উদ্যোগৰ লগতে চাহ পৰ্যটনলৈ সু-দিন কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে তথাপি আদিবাসী ছাত্ৰ সন্থাই চাহ বাগিছা উচ্ছেদ কৰি হোটেল নিৰ্মাণ কৰা এই সিদ্ধান্তক বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে ।
ৰাজ্যৰ দুখন চাহ বগিচাত নিৰ্মাণ হ’ব তাৰকাযুক্ত হোটেল : ইণ্ডিয়ান হোটেল কোম্পানীৰ ভূমি জৰীপ
চাহ বাগিছা উচ্ছেদ কৰি হোটেল নিৰ্মাণৰ সিদ্ধান্তক বিৰোধিতা আদিবাসী ছাত্ৰ সন্থাৰ
-
By publisher

ET0213 Woman plucking leaves from tea garden ; Assam ; India NOMR
ADVERTISEMENT
- Categories: Assam, Tourism
- Tags: AssamAssam Tourism
Related Content
মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক: মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
April 21, 2025
পঞ্চায়ত নিৰ্বাচন উপলক্ষে ধেমাজিত মন্ত্ৰী পীযুষ হাজৰীকাৰ নিৰ্বাচনী প্ৰচাৰ
By
publisher
April 19, 2025
মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী
By
publisher
April 19, 2025
মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
By
publisher
April 19, 2025
চুতীয়া জনগোষ্ঠীৰ বৰ্ণাঢ্য বুৰঞ্জীয়ে অসম বুৰঞ্জীৰ শোভাবৰ্ধন কৰিছে " : সোণোৱাল
By
publisher
April 18, 2025
আমিনগাঁৱত দুখন পৃথক বাহনৰ পৰা উদ্ধাৰ কৰা হয় ৭০ কোটি টকা মূল্যৰ হেৰোইন
By
publisher
April 18, 2025