ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্যৰ দুখনকৈ চাহ বগিছাত শীঘ্ৰেই নিৰ্মাণ হ’ব তাৰকাযুক্ত হোটেল । গোলাঘাটৰ হাতীখুলি চাহ বগিছা আৰু নগাঁৱৰ কলিয়াবৰৰ কেলিডেন চাহ বগিছাৰ ভূমিত নিৰ্মাণ কৰা হ’ব এই তাৰকাযুক্ত হোটেল । ইতিমধ্যে ইণ্ডিয়ান হোটেল কোম্পনী লিমিটেড (IHCL)ৰ লগত ৰাজ্য চৰকাৰে এই সম্পৰ্কে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বাগিচাৰ মলিকৰ পৰা ভূমি লৈ কোম্পানীক দিয়াৰ কথা ঘোষণা কৰিছে । ৰাজ্যৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে কেলিডেন চাহ বাগিচাৰ কৰ্তৃপক্ষই ।সাংবাদিকৰে হোৱা মুখামুখিত বগিচাখনৰ জ্যেষ্ঠ পৰিচালক ৰাজশেখৰ দত্তই বৰ্তমানলৈকে স্থান ঠিক হোৱা নাই বুলি সদৰি কৰাৰ লগতে ইণ্ডিয়ান হোটেল কোম্পানীয়ে বগিচাখনৰ কেইবাস্থানতো ভূমিৰ জৰীপ চলোৱাৰ কথা জানিবলৈ দিয়ে । যদিও চৰকাৰৰ এই সিদ্ধান্তই অসমৰ পৰ্যটন উদ্যোগৰ লগতে চাহ পৰ্যটনলৈ সু-দিন কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে তথাপি আদিবাসী ছাত্ৰ সন্থাই চাহ বাগিছা উচ্ছেদ কৰি হোটেল নিৰ্মাণ কৰা এই সিদ্ধান্তক বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে ।
ৰাজ্যৰ দুখন চাহ বগিচাত নিৰ্মাণ হ’ব তাৰকাযুক্ত হোটেল : ইণ্ডিয়ান হোটেল কোম্পানীৰ ভূমি জৰীপ
চাহ বাগিছা উচ্ছেদ কৰি হোটেল নিৰ্মাণৰ সিদ্ধান্তক বিৰোধিতা আদিবাসী ছাত্ৰ সন্থাৰ
-
By publisher

ET0213 Woman plucking leaves from tea garden ; Assam ; India NOMR
- Categories: Assam, Tourism
- Tags: AssamAssam Tourism
Related Content
কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
By
publisher
March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
By
publisher
March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ'ল অসমত
By
publisher
March 8, 2026
এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ
By
publisher
March 8, 2026
গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি
By
publisher
March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?
By
publisher
March 7, 2026