ছেবাৰ মুখ্য কাৰ্যালয়ত ১৪৪ ধাৰা জাৰি

Screenshot 408

ৰাজ্যৰ অন্যতম বৃহৎ নিযুক্তি পৰীক্ষা পৰিচালনাৰ দায়িত্ব অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাক অৰ্পণ কৰাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীস্থিত বামুণীমৈদামৰ ছেবাৰ মুখ্য কাৰ্যালয়ত এতিয়া নিৰাপত্তা বেষ্টনী অধিক কটকটীয়া কৰি তোলা দেখা গৈছে ।

কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহ’বৰ বাবে মহানগৰ আৰক্ষী-প্ৰশাসনে ছেবাৰ চৌহদত ১৪৪ ধাৰা জাৰি কৰিছে ।

আজিৰে পৰা আৰম্ভ হোৱা ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিয়োগ পৰীক্ষাৰ সকলো উত্তৰবহীৰ পৰীক্ষণ-নিৰীক্ষণ তথা আনুষংগিক সকলো কাম-কাজ ছেবাৰ এই মুখ্য কাৰ্যালয়ত সমাপন কৰা হ’ব ।

ৰাজ্যৰ ২৫খন জিলাত পৰৱৰ্তী তিনি দিন ধৰি হ’বলগীয়া এই পৰীক্ষাৰ সকলো উত্তৰবহীৰ লগতে অ’এমআৰ শ্বিট মজুত ৰখা হ’ব এই কাৰ্যালয়ত ।
এই সমগ্ৰ প্ৰক্ৰিয়াটোত যাতে কোনোধৰণৰ অনিয়ম সংঘটিত নহয়, তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈকে কাৰ্যালয়ৰ চৌহদৰ লগতে এশ মিটাৰ দূৰত্বলৈকে মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ উপ-আয়ুক্তই ১৪৪ ধাৰা জাৰি কৰিছে ।

এই সময়ছোৱাত কাৰ্যালয়ৰ চৌহদত পাঁচ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰাৰ লগতে কোনোধৰণৰ আন্দোলন, ধৰ্ণা, সমদল, শ্ল’গান আদি ওলিয়াব নোৱাৰিব । এই নিয়ম ভংগ কৰিলে কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলি জাননী জাৰি কৰিছে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে ।

Exit mobile version