ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে কোহলি-অনুষ্কাৰ স্কুটী ভ্ৰমণ 

InShot 20220820 224706051

ধাৰাবাহিকভাৱে ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাৰ বেটছ্মেন বিৰাট কোহলিয়ে উন্নত প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই যদিও অন্য ধৰণে অনুৰাগীৰ হৃদয় জয় কয়ৰিবলৈ সক্ষম হৈছে এই তাৰকা খেলুৱৈ গৰাকী ।

কালি মুম্বাইৰ ৰাজপথত বিৰাট কোহলিয়ে অনুৰাগীক ৰোমাঞ্চিত কৰি পত্নী অনুষ্কাক স্কুটীত উঠাই মুম্বাই চহৰ পৰিভ্ৰমণ কৰা দৃশ্যই এতিয়া চ’ছিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ।

ক’লা ৰঙৰ হেলমেট পৰিহিত দম্পতী হালৰ এই ভ্ৰমণৰ দৃশ্য চ’ছিয়েল মিডিয়াত এৰি দিয়াৰ লগে লগেই দেশজুৰি বিয়পি পৰিল দম্পতীহালৰ বিলাস ভ্ৰমণ । খবৰ অনুসৰি টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে এটা প্ৰজেক্টৰ শ্বুটিঙৰ অন্তত পত্নী অনুষ্কাক এইদৰে স্কুটিত লৈ মুম্বাইৰ ৰাজপথত সম্পূৰ্ণ পথ সুৰক্ষাৰ সকলো নীতি-নিৰ্দেশনা মানি এপাক ঘূৰে ।

অৱশ্যে সেই সময়ত ক’লা গ্লাছৰ হেলমেট পৰিহিত তাৰকা দম্পতী হালক কোনো লোকে চিনি পাবলৈ সক্ষম হোৱা নাছিল ।

Exit mobile version