Flood : প্রবল বৃষ্টিপাত হিমাচলত, উত্তৰাখণ্ডত তিনি দিনত ৫০ জনৰ মৃত্যু

Collage Maker 20 Aug 2022 02.22 PM

উত্তৰ আৰু পূব ভাৰতত বৃষ্টিপাতৰ ফলত গৰাখহনীয়া আৰু বানৰ ঘটনাত বিগত তিনি দিনত প্ৰা‌য় ৫০ জন লোকৰ মৃত্যু হৈছে । এক সংবাদ সংস্থাৰ সূত্রে এই দাবী কৰা হৈছে । হিমাচল প্রদেশত হৰপ্পা বানৰ ফলত বহু পথ, ৰেলসেতু ভাঙিছে । বহু গাঁও জলমগ্ন । মাটিৰ ঘৰবোৰ ভাঙিছে ।

হিমাচল প্রশাসনৰ এজন কৰ্মকর্তাই দেওবাৰে জনায়, ৰাজ্যত বান পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰত হৈ গৈছে । ৰাজ্যৰ সৰ্বাধিক ক্ষতিগ্রস্ত জিলাবোৰ হৈছে মাণ্ডি, কাংড়া আৰু চাম্বা । প্রবল বৰষুণত ইতিমধ্যে তাত ৩৬ জনৰ মৃত্যু হৈছে । ১২ জন গুৰুতৰভাৱে আহত হৈছে । বানত উটি যোৱা পাঁচজন লোক এতিয়াও সন্ধানহীন বুলি জনাইছে ।

উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ বৰষুণত শনিবাৰেও চাৰিজন লোকৰ মৃত্যু হৈছে । নদীৰ পানী লোকালয়ত সোমাই যোৱাত বহু ঘৰ কার্যত ধূলিসাৎ হৈ যায় । ১৩ জন সন্ধানহীন । নিখোজসকলৰ সন্ধানত উদ্ধাৰকাৰী দল মোতায়েন কৰিছে উত্তৰাখণ্ড প্রশাসনে ।

ওড়িছাত বানৰ ফলত প্রত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতিগ্রস্ত হৈছে প্ৰায় আঠ লাখ লোক । উত্তৰ ওড়িছাৰ অধিকাংশ নদী বিপদসীমাৰ ওপৰত বৈছে । বানপানীপ্রৱণ অঞ্চলৰ পৰা প্রায় বেৰ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে ওড়িছা প্রশাসনে । বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আৰু তাৰ ফলত প্রবল বৃষ্টিপাতৰ বাবেই এই পৰিস্থিতি সৃষ্টি হৈছে বুলি ধাৰণা কৰিছে বতৰ বিজ্ঞানীসকলে ।

ঝাড়খণ্ডৰ গালুডি বান্ধৰ পৰা অতিৰিক্ত পানী এৰাৰ বাবে ওড়িছাত বান পৰিস্থিতি আৰু বেয়া হৈছে বুলি অনুমান কৰিছে ওড়িছা প্রশাসনে ।

চুবুৰীয়া ৰাজ্য ঝাড়খণ্ডতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে । সেই ৰাজ্যৰ ৰামগড় জিলাত নলকাৰি নদীত উটি গৈছিল পাঁচজন লোক । তেওঁলোকৰ ভিতৰত চাৰিজনক উদ্ধাৰ কৰা হৈছে যদিও এজনক উদ্ধাৰ কৰা হোৱা নাই । কেন্দ্রীয় বতৰ বিজ্ঞান দপ্তৰৰ তৰফৰ পৰা জনোৱা হৈছে, উত্তৰাখণ্ড আৰু হিমাচল প্রদেশত আৰু দুদিন প্ৰবলতকৈ অতি প্ৰবল বৃষ্টিপাত হ’ব ।

Exit mobile version