Manish Sisodia : দিল্লীৰ উপমুখ্যমন্ত্রী ছিছৌডিয়াৰ বিৰুদ্ধে লুক আউট চার্কুলাৰ জাৰি কৰাৰ সম্ভাৱনা চিবিআই-ৰ

পুনৰ বিপাকত দিল্লীৰ উপমুখ্যমন্ত্রী মণীশ ছিছৌডিয়া । কেজৰিৱাল চৰকাৰৰ মন্ত্রীৰ বিৰুদ্ধে দেওবাৰে লুক আউট চার্কুলাৰ জাৰি কৰিব চিবিআই-য়ে । দিল্লী আবকাৰী নীতিত দুর্নীতিৰ অভিযোগত ছিছৌডিয়াৰ উপৰিও আন ১৩ জনৰ বিৰুদ্ধে এই চার্কুলাৰ জাৰি কৰা হৈছে বুলি চিবিআই সূত্রে খবৰ ।

কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ এফআইআৰত ছিছৌডিয়াসহ এই ১৪ জনৰ নাম আছিল । চার্কুলাৰ জাৰি হ’লত ছিছৌডিয়াসহ ১৪ জন দেশৰ বাহিৰত যাব নোৱাৰিব । লুক আউট চার্কুলাৰ জাৰি সন্দৰ্ভত টুইটাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীক লক্ষ্য কৰি ছিছৌডিয়াই লিখে, ‘‘আপোনাৰ সমস্ত অভিযান ব্যর্থ হৈছে । একো নাপালে…। এইবাৰ আপুনি লুক আউট চার্কুলাৰ জাৰি কৰিলে, মণীশ ছিছৌডিয়াক বিচাৰি পোৱা নাই ! কেনেকোৱা চমক এইটো মোদীজি ? দিল্লীত স্বাধীনভাৱে ঘূৰিছো । আপুনি মোক দেখা পোৱা নাই নেকি ? দয়া কৰি ক‌ওক, ক’ত যাব লাগিব ?’’

প্রসংগত, দেওবাৰে পুৱা সংবাদ সংস্থা সূত্রে প্রথমে জানিব পৰা যায় যে, ছিছৌডিয়াৰ বিৰুদ্ধে লুক আউট চার্কুলাৰ জাৰি কৰিছে চিবিআই-য়ে । কিন্তু পাছত তদন্তকাৰী সংস্থাৰ তৰফৰ পৰা জনায় যে, লুক আউট চার্কুলাৰ জাৰিৰ প্রক্রিয়া চলিছে । অৱশ্যে এতিয়াও জাৰি কৰা হোৱা নাই ।

শুকুৰবাৰে, জন্মাষ্টমীৰ পুৱা ছিছৌডিয়াৰ বাসগৃহসহ আৰু কে’বাটাও অঞ্চলত তালাচী অভিযান চলায় চিবিআই-য়ে । প্রায় ১৪ ঘণ্টা ধৰি দিল্লীৰ উপমুখ্যমন্ত্রীৰ বাসগৃহত অভিযান চলায় ।

তালাচীৰ শেষত ছিছৌডিয়াই কয়, ‘‘পুৱা চিবিআই মোৰ বাসগৃহত আহিছিল । তেওঁলোকে তলাচী চলাইছে, মোৰ কম্পিউটাৰ আৰু ফোন বাজেয়াপ্ত কৰিছে । তদুপৰি কিছুমান ফাইল লৈ গৈছে তদন্তকাৰী বিষয়াসকলে । ম‌ই আৰু মোৰ পৰিয়ালে তদন্তকাৰী বিষয়াসকলক পূর্ণ সহযোগ কৰিছো । অনাগত দিনতো কৰিম । ম‌ই কোনো দুর্নীতি কৰা নাই । সেয়ে ম‌ই ভয় কৰা নাই ।’’ লগতে কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰা হৈছে বুলি বিজেপিক কটাক্ষ কৰিছিল ছিছৌডিয়াই ।

‘ডেপুটি’ৰ বাসগৃহত চিবিআই অভিযানৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি টুইট কৰিছিল দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমি পার্টিৰ (আপ) প্রধান অৰবিন্দ কেজৰিৱালে । টুইটৰ স’তে আমেৰিকাৰ সংবাদপত্র ‘দ্য নিউ ইয়র্ক টাইমছ’ (এনৱাইটি)-ত প্রকাশিত এটা প্রতিবেদনো প’ষ্ট কৰে তেওঁ । এই প্রতিবেদনত দিল্লীৰ শিক্ষাব্যৱস্থাৰ ভূয়সী প্রশংসা কৰা হৈছে । উপমুখ্যমন্ত্রী ছিছৌডিয়াৰ হাততেই আছে দিল্লী চৰকাৰৰ শিক্ষা দপ্তৰৰ দায়িত্ব ।

টুইটাৰত কেজৰিৱালে লিখে, ‘যিদিনাখন দিল্লীৰ শিক্ষা মডেলৰ প্রশংসা কৰা হৈছে, আমেৰিকাৰ সৰ্ববৃহৎ সংবাদপত্র এনৱাইটি-ৰ প্রথম পৃষ্ঠাত মণীশ ছিছৌডিয়াৰ ছবি ছপা হৈছে, সেই দিনাই মণীশৰ বাসগৃহত চিবিআই প্ৰেৰণ কৰা হৈছে । চিবিআইক স্বাগতম । সার্বিক সহযোগিতা কৰা হ’ব…।’’

Exit mobile version