অশান্ত জেএনইউ, ছাত্র-কর্মচাৰীৰ সংঘর্ষত উত্তাল কেম্পাছ

6o9pm1uc jnu meat attack

পুনৰ অশান্ত দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় (জেএনইউ) চৌহদত । অৱশ্যে দুই ছাত্র সংগঠনৰ মাজত বিবাদ নহয় এইবাৰ সংঘর্ষ ছাত্র বনাম বিশ্ববিদ্যালয় কর্মচাৰীৰ একাংশৰ মাজত ।

সোমবাৰে দুই তৰফৰ সংঘর্ষত কে’বাজনো আহত হৈছে । ছাত্রসকলৰ একাংশৰ অভিযোগ, বৃত্তিৰ (স্কলাৰশ্বিপ) প্রাপ্য টকা বিচৰাত কর্মচাৰীসকলৰ একাংশ‌ই দুর্ব্যৱহাৰ কৰে কেইজনমান ছাত্রক । ফলত সংঘৰ্ষৰ সৃষ্টি হয় । বাওঁপন্থী ছাত্র সংগঠনসমূহৰ একাংশৰ লগতে সংঘ পৰিয়ালৰ ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ তৰফৰ পৰাও কিছুসংখ্যক কর্মচাৰীৰ বিৰুদ্ধে অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰা হৈছে ।

আনহাতে, কর্মচাৰীসকলৰ তৰফৰ পৰা কিছুসংখ্যক ছাত্র আৰু গৱেষণা-সহকাৰীৰ বিৰুদ্ধে উদ্দেশ্যপ্রণোদিতভাৱে অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ উলোটা অভিযোগ উত্থাপন কৰা হৈছে ।প্রসংগত, ইয়াৰ পূৰ্বে যোৱা এপ্রিলত ৰামনৱমীৰ দিনা জেএনইউৰ কাৱেৰী হোষ্টেলত আমিষ খাদ্যক লৈ সংঘর্ষ আৰম্ভ হৈছিল বাওঁপন্থী আৰু বিজেপি সমর্থক ছাত্রৰ মাজত ।

Exit mobile version