কনকসেন ডেকালৈ সাংবাদিকতাৰ জীৱনজোৰা সাধনাৰ ৰাষ্ট্ৰীয় বঁটা

বহু ভাষা-ধৰ্ম-সম্প্ৰদায়ক লৈও জাতিৰ ধাৰণা সলাই দিলে ভাৰতে

‘স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ সমান্তৰালভাৱে ভাৰতে জাতিৰ ধাৰণা সলাই দিবলৈ সক্ষম হৈছে । স্বাধীনতাৰ সময়ত ইমানবোৰ জাতি, ধৰ্ম, সম্প্ৰদায়ক লৈ ভাৰত এক জাতি হিচাপে সফল নহ’ব আৰু এই দেশ টিকি নাথাকিব বুলি বহু ৰাষ্ট্ৰনেতা আৰু পণ্ডিতে আশংকা প্ৰকাশ কৰিছিল যদিও দেশে সেই আশংকা ভুল বুলি প্ৰমাণ কৰি দিলে । বহু জাতি, ধৰ্ম, সম্প্ৰদায়ৰ সমাবেশেৰেও যে এক জাতি হিচাপে সফল হোৱাটো সম্ভৱ ভাৰতবৰ্ষই তাৰ উদাহৰণ ।’

আজি মুম্বাইৰ ৰাজভৱনত ৰাষ্ট্ৰীয় পত্ৰকাৰিতা কল্যাণ ন্যাসে আগবঢ়োৱা সাংবাদিকতাৰ জীৱনজোৰা সাধনাৰ ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰি এইদৰে কয় বিশিষ্ট সাংবাদিক-সাহিত্যিক তথা ‘দৈনিক অগ্ৰদূত’ৰ মুখ্য সম্পাদক কনকসেন ডেকাই । মহাৰাষ্ট্ৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰীয়ে প্ৰদান কৰা বঁটা গ্ৰহণ কৰি ডেকাই আৰু কয়, ‘হেৰল্ড লাস্কিৰ দৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতেও কৈছিল যে এক জাতি হিচাপে ভাৰত টিকি নাথাকিব; কিয়নো এক ভাষা, এক ধৰ্ম আৰু এক ভূখণ্ডৰ জৰিয়তেহে এক জাতি গঢ়ি উঠে । আনকি বিশ্বৰ এগৰাকী অতি শক্তিশালী ৰাষ্ট্ৰনেতা ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে ভাৰতীয়ই স্বাধীনতা কাণত পিন্ধে নে নাকত পিন্ধে তাকো নাজানে বুলি কটাক্ষ কৰিছিল; কিন্তু সেই চাৰ্চিলৰ দেশৰ প্ৰধানমন্ত্ৰী পদৰ দৌৰত অগ্ৰসৰ হৈছে এই ভাৰতৰে বংশোদ্ভূত এজনে স্বাধীনতাৰ ৭৫ বছৰ কালত এয়াই ভাৰতৰ বৃহৎ সাফল্য । ইয়াৰ বিপৰীতে এক দেশ, এক ধৰ্মৰ হৈও পাকিস্তান, আফগানিস্তান আদি ব্যৰ্থ ৰাষ্ট্ৰত পৰিণত হৈছে ।’

মহাৰাষ্ট্ৰলৈ আহিলে দুগৰাকী মহাবীৰৰ কথা মনলৈ আহে বুলি উল্লেখ কৰি ডেকাই কয় যে ছত্ৰপতি শিৱাজী আৰু লাচিত বৰফুকন উভয়ে মোগলৰ বিৰুদ্ধে সফলতাৰে যুঁজ দি খ্যাতি ৰাখি গৈছে । মোগলে ১৭ বাৰকৈ আক্ৰমণ কৰিও অসমক পৰাভূত কৰিবলৈ সক্ষম হোৱা নাছিল । ইয়াৰ জৰিয়তে অসমৰ সেনাই দেশৰ ইতিহাসতে এক বিৰল দৃষ্টান্ত ৰাখি থৈ গৈছে । সুকণ্ঠী গায়িকা লতা মংগেশকাৰে ‘অসমী আইলৈ যাঁচো প্ৰণাম’ গাওঁতে কেৱল মাৰাঠী আৰু অসমীয়াত ‘আই’ শব্দ পাইছিল বুলি উল্লেখ কৰি যোৱাৰ কথা সুঁৱৰি ডেকাই কয় যে অসম আৰু মহাৰাষ্ট্ৰৰ মাজত সুদৃঢ় সম্পৰ্ক আছে ।

Exit mobile version