সম্প্রতি জম্মু আৰু কাশ্মীৰৰ বিধানসভা নির্বাচনত‘বাহিৰৰ লোককো ভোটাধিকাৰ দিয়াৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় নির্বাচন আয়োগে । এইবাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে যৌথভাৱে প্রতিবাদ জনালে কাশ্মীৰৰ ৰাজনৈতিক দলসমূহে । সোমবাৰে পিডিপি, নেছনেল কনফাৰেন্সৰ দৰে ৰাজনৈতিক দলসমূহে সাংবাদিক বৈঠক কৰি জনায়, উপত্যকাৰ প্রতিটো ৰাজনৈতিক দলে এই নতুন আইনৰ বিৰোধিতা কৰিছে আৰু এই বিষয়ত তেওঁলোক আদালতৰ দ্বাৰস্থ হোৱাৰ কথা ভাবিছে ।
নেছনেল কনফাৰেন্স প্রধান ফাৰুক আব্দুল্লাই উপত্যকাৰ বিৰোধী দলসমূহৰ তৰফৰ পৰা সংবাদমাধ্যমক কয়, “আমি দেশৰ সমস্ত ৰাষ্ট্ৰীয় দলক ছেপ্টেম্বৰত জম্মু আৰু কাশ্মীৰত আমন্ত্রণ জনাইছো । আমি তেওঁলোকৰ সন্মুখতেই এই বিষয়টা দাঙি ধৰিব বিচাৰো ।” আব্দুল্লাই জনায়, তেওঁ জম্মু আৰু কাশ্মীৰৰ লেফটেনেন্ট গভর্নৰ মনোজ সিন্হাক এই বিষয়ত বিস্তাৰিত আলোচনাৰ বাবে এটা সর্বদলীয় বৈঠক আহ্বান কৰাৰ অনুৰোধ জনাইছিল । কিন্তু সেয়া গ্রাহ্য নহয় বুলি আব্দুল্লাৰ দাবী । তেওঁলোকে যে এই পৰিৱর্তিত নীতি মানি নলওঁ, সেয়াও স্পষ্ট কৰি দিছে কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রীয়ে ।
তেওঁৰ মতে, কাশ্মীৰৰ ৰাজনৈতিক দলসমূহৰ ভিতৰত মতপার্থক্য থাকিলেও প্রতিটো দলে বুজি পাইছে যে, নতুন নীতি মানি ল’লে জম্মু আৰু কাশ্মীৰৰ বিধানসভাত উপত্যকাৰ দলসমূহেই স্থান নাপাব । নতুন ভোটাধিকাৰ নীতিৰ বিৰুদ্ধে আৰু কঠোৰ অৱস্থান গ্ৰহণ কৰা দেখা গৈছে, জম্মু আৰু কাশ্মীৰ পিপলছ কনফাৰেন্সৰ নেতা ছাজাদ গনি লোনক । জম্মু আৰু কাশ্মীৰৰ মানুহক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে দিল্লীৰ সংসদ ভৱনৰ সন্মুখত তেওঁ অনশনত বহিব বুলি সকীয়নি দিছে লোনে । লোনে কয়, “এইটো কোনো আইনেই নহয়, এইটো প্ৰকৃততে আমালৈ সকীয়নি ।” সোমবাৰৰ সাংবাদিক বৈঠকত অৱশ্যে লোন বা লোনৰ দলৰ তলফৰ পৰা কাকো দেখা নাযায় ।
প্রসংগত, যোৱা ১৭ আগষ্টত দেশৰ নির্বাচন আয়োগে এটা বিজ্ঞপ্তি দি জনায়, জম্মু আৰু কাশ্মীৰত ৩৭০ ধাৰা স্থগিত কৰাৰ পাছত, তাৰ বাসিন্দা নহ’লেও ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব । নির্বাচন আয়োগৰ একাংশৰ তৰফৰ পৰা এইটোও জনোৱা হয় যে, ইয়াৰ বাবে তাৰ ‘স্থায়ী বাসিন্দা’ হোৱাৰ কোনো প্রয়োজন নাই । এই সিদ্ধান্ত প্রকাশ্যত অহাৰ পাছতেই সমালোচনাত মুখৰ হয় উপত্যকাৰ অন্য বিৰোধী ৰাজনৈতিক দলসমূহ ।
দলসমূহ অভিযোগ কৰে, কাশ্মীৰৰ স্বাধিকাৰ কাঢ়ি লৈ নিজৰ আধিপত্য প্রতিষ্ঠিত কৰিব বিচাৰিছে দেশৰ শাসক দল বিজেপিয়ে । বর্তমান কেন্দ্রশাসিত এই অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াই অৱশ্যে জনাইছে, জম্মু আৰু কাশ্মীৰৰ বাহিৰত কোনেও সেই ঠাইত সম্পত্তি ক্ৰয় কৰিব নোৱাৰিব বা চৰকাৰী চাকৰি নাপাব – এই নিয়মত কোনো পৰিৱৰ্তন ঘটোৱা হোৱা নাই । পিডিপি নেত্রী মেহবুবা মুফতিয়ে এই সিদ্ধান্তক ‘সংসদীয় গণতন্ত্রৰ কফিনত শেষ খিলি’ বুলি অভিহিত কৰিছে । বিজেপিও বহি থকা নাই । জম্মু আৰু কাশ্মীৰৰ দলসমূহ একত্রিত হোৱাৰ পাছত তৎপৰ হৈছে বিজেপি । তাৰ বিজেপি সভাপতি ৰবীন্দ্র ৰায়নায়ো দলৰ তৰফৰ পৰা জৰুৰী বৈঠক আহ্বান কৰিছে ।