COVID-19 : ক’ভিড আপডেট

72131f4f4405efd0b505f1c80406347d

চাৰি দিন ধৰি দেশত ক’ভিডত দৈনিক আক্রান্তৰ সংখ্যা ১০ হেজাৰৰ ওপৰত থাকিলেও বিগত ২৪ ঘণ্টাত কমি ১০ হেজাৰৰ তলত নামিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা ৯,৫৩১ । দেওবাৰে এই সংখ্যা আছিল ১১,৫৩৯ ।

ৰাজ্যভিত্তিক দৈনিক সংক্রমণৰ শীর্ষত আছে মহাৰাষ্ট্র । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রত দৈনিক আক্রান্তৰ সংখ্যা ১,৮৩২ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে কেৰালা (১,০৮৯), দিল্লী (৯৪২) আৰু কর্নাটক (৭২০) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ৩৬ জনৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত কেৰালাত ক’ভিডত আক্রান্ত হৈ মৃতৰ সংখ্যা সর্বোচ্চ । যোৱা ২৪ ঘণ্টাত কেৰালাত ১০ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে । ইয়াৰ উপৰি পশ্চিমবংগ আৰু ৰাজস্থানত চাৰিজন আৰু মহাৰাষ্ট্র, কর্নাটক, উত্তৰ প্রদেশ, হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্রদেশ, মণিপুৰত দুজনৰ মৃত্যু হৈছে ।

ছত্তীছগঢ়, মেঘালয়, মধ্যপ্রদেশ আৰু ওড়িছাত এজনকৈ লোকৰ মৃত্যু হৈছে । দেওবাৰে এই সংখ্যা আছিল ৪৩ । দেশত এই পর্যন্ত পাঁচ লাখ ২৯ হেজাৰ ৯৩১ জন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

যোৱা ২৪ ঘণ্টাত দৈনিক আক্রান্তৰ সংখ্যা কমিলেও দৈনিক সংক্রমণৰ হাৰ বাঢ়িছে । পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ বাঢ়ি হ’ল ৪.১৫ শতাংশ । দেওবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ৩.৭৫ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ১১,৭২৬ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৭ লাখ ২৩ হেজাৰ ৯৪৪ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৫৯ শতাংশ । এই পর্যন্ত দেশত ২১০ কোটি দুই লাখ ৪০ হেজাৰ ৩৬১ টিকাকৰণ হৈছে ।

Exit mobile version