উৎকট গৰমৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা ,অসমৰ বিভিন্ন স্থানত হ’ব পাৰে বৰষুণৰ

WhatsApp Image 2022 08 23 at 4.33.58 PM

উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ দিনক দিনে বৃদ্ধি পোৱা উত্তাপৰ মাজত আহিছে এক আশাৰ ৰেঙণি । উৎকট গৰমৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যৰ বহু স্থানত বৰষুণৰ সম্ভাৱনা আছে । কিছু অঞ্চলত মুষলধাৰ বৰষুণ হোৱাৰ বিপৰীতে আন কিছু ঠাইত হ’ব পাৰে পাতলীয়া বৰষুণ ৷
আজিৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমান আছিল ৩৬.৩ ডিগ্ৰী ছেলচিয়াছ, তেজপুৰত ৩৫.৬ ডিগ্ৰী ছেলচিয়াছ, ডিব্ৰুগড়ত ৩৫.৮ ডিগ্ৰী ছেলচিয়াছ,ধুবুৰীত ৩৪.৩ ডিগ্ৰীছেলচিয়াছ,শিলচৰত ৩৪.৮ ডিগ্ৰী ছেলচিয়াছ আৰু উত্তৰ লখিমপূৰত ৩৪.৯ ডিগ্ৰী চেলচিয়াছ ।

Exit mobile version