পঞ্চাশ হাজাৰ গছপুলি ৰোপনৰ বছৰজোৰা অভিযান

WhatsApp Image 2022 08 23 at 6.34.06 PM

ধৰণীখন অধিক সেউজীয়া কৰাৰ বাবে দিনে নিশাই নামি পৰিছে এজন আৰক্ষী বিষয়াই গছপুলি ৰোপনৰ দৰে মহান আৰু প্ৰশংসনীয় এক কাৰ্যত । বিষয়া গৰাকী হ’ল মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মুকুট কাকতি | সম্প্রতি বিষয়া গৰাকীয়ে থানাখনৰ অন্তৰ্গত বিভিন্ন প্রান্তত ৰোপন কৰিছে প্রায় পাচঁ হাজাৰৰো অধিক বিভিন্ন ধৰণৰ ফলমূলকে ধৰি বিভিন্ন মূল্যৱান গছৰ পুলি | গাওঁৰক্ষী বাহিনীৰ সহযোগত স্থানীয় সমাজকৰ্মী নয়ন দাস আৰু মুকুট শইকীয়াক লগত লৈ তেওঁ অব্যাহত ৰাখিছে এই অভিযান |

মঙলদৈ সদৰ থানাত যোগদান কৰাৰ পূৰ্বে দুধনৈতো তেওঁ ৰোপন কৰা বহু গছ পুলি এতিয়া ডাঙৰ হ’বলৈ ধৰিছে | উল্লেখ্য যে পঞ্চাশ হাজাৰ গছৰ পুলি ৰোপনৰ লক্ষ্যৰে তেওঁ থানাখনৰ পৰা অকণমান আজৰি সময় পালেই দৈনিক ন ন অঞ্চলত গছৰ পুলি ৰোপন কৰি স্থানীয় ৰাইজৰ সমাদৰ আৰু সহযোগিতা লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে | তেওঁ নিজে গছ পুলি ৰোপন কৰাৰ লগতে পুলি সমূহ সুৰক্ষিত হৈ থাকিবলৈ গাঁঠিৰ ধনেৰে চেকোৱাৰ দিয়াও পৰিলক্ষিত হৈছে  |

সম্প্রতি বিষয়া গৰাকীয়ে গছপুলি ৰোপন কৰাৰ ওপৰিও আন দহ জনকো গছপুলি ৰোপন কৰিবলৈ অনুপ্রাণিত কৰা দেখা গৈছে | ইপিনে তেওঁ জনসাধাৰণৰ মাজত বিতৰণ কৰিছে শ শ গছৰপুলি । সকলো শ্ৰেণীৰ জনসাধাৰণক সহজে আপোন কৰি ল’বলৈ সক্ষম হোৱা দক্ষ আৰু সাহসী আৰক্ষী বিষয়া গৰাকীৰ এই প্ৰকৃতি প্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ শলাগ লৈছে জিলা খনৰ বিভিন্নজনে ।

Exit mobile version