পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ মেটেনি শ্বো

WhatsApp Image 2022 08 23 at 6.33.28 PM

পাঠশালাৰ উদয়ন সংঘৰ আমন্ত্রণ ক্ৰমে ১৮ আগষ্টৰ পৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজমুকুট থিয়েটাৰে আজি মেটেনি শ্বো সহ তিনিটাকৈ প্ৰদৰ্শণীৰে অভিলেখ সৃষ্টি কৰে। পাঠশালা উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মাই উদ্বোধন কৰা মেটেনি শ্বোৰ উদ্বোধনী অনুষ্ঠানত সংঘৰ বিষয়বীয়া উৎপল দাস, ৰত্নকান্ত ৰয়, ৰাতুল ৰয়, বিজয় দাস, নিৰ্মল কাকতি সমন্বিতে ৰাজমুকুট থিয়েটাৰৰ প্ৰযোজক মানস কলিতা উপস্থিত থাকে ।

ৰাজমুকুট থিয়েটাৰৰ ৰাজদ্বীপৰ” বিৰিখৰ বিৰিনা” নাটকখনে ৰাইজৰ অভূতপূর্ব সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আজি সূৰ্যৰ পোহৰতে বিশেষ প্ৰেক্ষাগৃহত ৰাজমুকুট থিয়েটাৰে মেটেনি শ্বো প্ৰদৰ্শন কৰে। সপ্তম বৰ্ষত ভৰি দিয়া ৰাজমুকুট থিয়েটাৰৰ আদিৰ মেটেনি শ্বো উদ্বোধন কৰি উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মাই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মস্থান পাঠশালাত আজিৰ মেটেনি শ্বোৰ দৰ্শকৰ উপস্থিতিয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি ৰাইজৰ মৰম আৰু সহাৰি থকাটো প্ৰমাণ কৰিছে বুলি কয়।

ইপিনে বিৰিখৰ বিৰিনা নাটকত অভিনয় কৰা বিশিষ্ট অভিনেতা উৎপল দাস অভিনেত্রী দেবাশ্ৰী গগৈ, সুৰভি বৰকাকটি, পঞ্চী বৰা অভিনেতা শংকৰজ্যোতি ৰাজখোৱা, তাৰক দাস, ত্ৰিদিপ ৰয়ৰ সাবলীল অভিনয়ে প্ৰতিগৰাকী দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ।

Exit mobile version