অসমৰ ৩৪ খন চৰকাৰী বিদ্যালয়ক বন্ধ কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ ৷ ইতিমধ্যে বন্ধ হ’বলগীয়া শিক্ষানুষ্ঠান সমুহৰ তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে ৷২০২১-২২ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৪ খন বিদ্যালয়ৰ ফলাফল আছিল শূন্য ৷সন্তোষজনক ফলাফল দেখুৱাত ব্যৰ্থ হৈছিল বিদ্যালয় কেইখনে ৷
বন্ধ হ’বলগীয়া বিদ্যালয় সমুহৰ জিলাভিত্তিক সংখ্যা এনেধৰণৰ ৷ কাৰ্বি আংলং জিলাত সাতখন,যোৰহাট আৰু কাছাৰত পাঁচখনকৈ ৷ নগাঁও,গোৱালপাৰা, লখিমপুৰ আৰু ধুবুৰী জিলাত দুখনকৈ ৷ গোলাঘাট,ডিব্ৰুগড়,পশ্চিম কাৰ্বিআংলং,হাইলাকান্দি,কামৰূপ,নলবাৰী,কোকোৰাঝাৰ,চিৰাংআৰু দৰঙ জিলাত একোখনকৈ চৰকাৰী বিদ্যালয় তৎকালেই বন্ধৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷
উল্লেখ্য বন্ধ হোৱা বিদ্যালয় সমুহ সংলগ্ন কৰিব অন্য বিদ্যালয়ৰ সৈতে ৷ একেদৰে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয় সমুহো বন্ধ কৰাৰ নিদৰ্শনা ৰাজ্য চৰকাৰৰ ৷
ৰাজ্যৰ ৩৪ খন বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ চৰকাৰৰ
