নগ্ন হৈ কৰা ফটো উঠা গোচৰত মুম্বাইৰ চেম্বুৰ থানাত হাজিৰ নহ’ল জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং ৷ মুম্বাই আৰক্ষীয়ে জাৰি কৰা চমন অনুসৰি কালি উপস্থিত হোৱাৰ কথা আছিল অভিনেতাজন ৷ কিন্ত বিশেষ অসুবিধাৰ বাবে থানাত উপস্থিত নোহোৱাৰ কথা চেম্বুৰ থানাক জনায় ৷ ইয়াৰ বাবে থানাৰ পৰা সময় বিচাৰে চৈধ্যদিনৰ ৷
উল্লেখ্য যে মুম্বাইৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ হৈ ২৬ জুলাইত থানাত গোচৰ তৰিছিল এগৰাকী অধিবক্তাই ৷ ৰণবীৰৰ নগ্ন ফটোৱে মহিলাৰ আৱেগত চৰম আঘাত হানিছে বুলি উল্লেখ কৰিছিল এজাহাৰখনত ৷
মুম্বাইৰ চেম্বুৰ থানাত গোচৰ পঞ্জীভূক্ত হোৱাৰ পিছতে বাইছ আগষ্টত থানাত হাজিৰ হোৱাৰ জাননী প্ৰেৰণ কৰা হয় ৰণবীৰলৈ ৷ আনকি ৰণবীৰৰ বাসগৃহলৈ আৰক্ষী দল গৈছিল যদিও ঘৰত নেপায় ঘূৰি আহে ৷ পৰিয়ালৰ লোকে আৰক্ষীক জনায় ১৬ আগষ্টলৈকে ৰণবীৰ উপস্থিত নাথাকিব মুম্বাইত ৷ পিছত আৰক্ষীয়ে ২২আগষ্টত হাজিৰ হোৱাৰ চমন জাৰি কৰে৷ কিন্ত আচৰিতজনকভাৱে কালি চেম্বুৰ থানাত হাজিৰ নহ’ল ৰণবীৰ সিং ৷ দুবাৰকৈ চমন দিয়াৰ পিছতো ৰণবীৰ থানাত হাজিৰ নোহোৱাক লৈ আৰক্ষীয়ে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷