অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ , উন্মোচন হ’ব ডাক টিকট

WhatsApp Image 2022 08 24 at 6.32.09 PM

 উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অনুষ্ঠিত হ’বলগীয়া মহাৰজত জয়ন্তীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । অহা ২৯ আগষ্টৰ পৰা ৩ নৱেম্বৰলৈকে হ’বলগীয়া এই অনুষ্ঠানৰ বিষয়ে সৱিশেষ জনাবলৈ আয়োজন কৰা সংবাদ মেলত মহাৰজত জয়ন্তীৰ উদযাপন সমিতিয়ে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে ঐতিহাসিক চিকিৎসা মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি এটা ডাক টিকট উন্মোচন কৰিবলৈ সন্মতি প্ৰদান কৰিছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা: সঞ্জীৱ কাকতিয়ে সদৰী কৰা মতে ২৯ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক তথা বৈজ্ঞানিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইতিমধ্যে অনুষ্ঠানৰ লগত সংগতি ৰাখি কেবালানি আলোচনাচক্ৰ সম্পন্ন হৈছে ।

ইফালে ৩ নৱেম্বৰত হ’বলগীয়া ডাক টিকট উন্মোচনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী উপস্থিত থাকিব ।উল্লেখযোগ্য যে মহাৰজত জয়ন্তী উপলক্ষে চিকিৎসক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এখন ভাওনা মঞ্চায়ণ হোৱাৰ লগতে জন বেৰি হোৱাইটৰ জীৱন ভিত্তিত এখন নাটক মঞ্চস্থ কৰিব । অহা ১,২ আৰু ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ১৯৪৭ চনৰ ৯৪ বয়সীয়া ৩ গৰাকী চিকিৎসক ছাত্ৰ উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে । কালি এ এম চিৰ অইল লেকচাৰ হলত হোৱা এই সংবাদমেলত ” আসাম ট্ৰিবিউন” কাকতৰ সম্পাদক প্ৰশান্তজ্যোতি বৰুৱা আৰু প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক সম্বৰ্ধনা জ্ঞাপন কৰে । এই সম্বৰ্ধনা অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা: সঞ্জীৱ কাকতিসহ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ডা: মৃগাংক শেখৰ চলিহা, যুটীয়া সম্পাদক ডা: শ্যামন্ত বৰুৱা, প্ৰচাৰ আৰু সংবাদ উপ সমিতিৰ সভাপতি ডা: দিলীপ কুমাৰ ভট্টাচাৰ্য্য, আহ্বায়ক ডা: গায়ত্ৰী গগৈ উপস্থিত থাকে ।

Exit mobile version