গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণ জব্দ

WhatsApp Image 2022 08 24 at 3.33.59 PM

গুৱাহাটী ৰে’লৱে ষ্টেচনত আজি জব্দ হয় দুখনকৈ সোণৰ বিস্কুট ৷ পুৱা ৰাজধানী এক্সপ্ৰেছত গোপন সূত্ৰৰ পমখেদি ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই ৩৩২ গ্ৰাম ওজনৰ দুখন বিস্কুট সহ এজন তামিলনাডুৰ যুৱকক গ্ৰেপ্তাৰ কৰে ৷ সোণখিনি ডিমাপুৰৰ পৰা চেন্নাইলৈ নিয়াৰ কথা আছিল বুলি জেৰাত স্বীকাৰ কৰিছে আটকাধীন মহম্মদ মহিউদ্দীন নামৰ তামিলনাডুৰ যুৱকজনে ৷ পকেটত লৈ সৰবৰাহ কৰিছিল সোণখিনি ৷ জব্দকৃত সোণ খিনিৰ মুল্য প্ৰায় ১৫ লাখ বুলি নিশ্চিত কৰিছে জি আৰ পি এফে ৷

Exit mobile version