নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ বিনামূলীয়া বহী বিতৰণ

WhatsApp Image 2022 08 24 at 5.17.59 PM

 নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক গোলাঘাট শাখাই  আজি  ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক বিনামূলীয়া বহী বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰে । এই কাৰ্যসূচীৰ অংশ হিচাপে
গোলাঘাট জিলাৰ পূৱ শিক্ষা খণ্ডৰ অন্তৰ্গত দৰঙ্গী গাঁও প্রাথমিক বিদ্যালয় আৰু ৪ নং আহোম গাঁও নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ৮০ গৰাকী ছাত্র-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ বহী বিতৰণ কৰা হয় । বেংকটোৰ গোলাঘাট শাখাই কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰত্যেককে তিনিখনকৈ বহী বিতৰণ কৰে ।

এই অনুষ্ঠানত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ গোলাঘাট শাখাৰ সহকাৰী শাখা প্রধান দিগন্ত কুমাৰ দত্ত আৰু ঋণ বিভাগৰ শাখা পৰিচালক ৰাজু বৰাৰ উপস্থিতিত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ সহযোগত বহীসমূহ বিতৰণ কৰা হয় । ইপিনে বিভিন্ন সময়ত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে জনসাধাৰণৰ স্বাৰ্থত বিভিন্ন ধৰণৰ সামাজিক কাম-কাজ কৰি থকাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এনেদৰে বহী বিতৰণৰ কাৰ্যসূচী হাতত লোৱাৰ বাবে দুয়োখন বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী তথা বিদ্যালয় পৰিচালনা সমিতিয়ে বেংকৰ এই কাৰ্যক শলাগ লৈছে ।

Exit mobile version