বিশ্ব চেম্পিয়ন বক্সাৰ এম চি মেৰীকম ভৰ্তি চিকিৎসালয়ত !

WhatsApp Image 2022 08 24 at 1.54.51 PM

দেশৰ আগশাৰীৰ বক্সাৰ এম চি মেৰীকমৰ বাওঁ আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় মঙলবাৰে ৷  অস্ত্ৰোপচাৰ সম্পন্ন হয় মুম্বাইৰ এখন আগশাৰীৰ চিকিৎসালয়ত ৷
ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ গৰাকীয়ে জুন মাহত কমনৱেলথ গেমছৰ বাছনিৰ সময়তে আঘাত পাইছিল আঁঠুত ৷ যাৰ ফলস্বৰূপে সদ্যসমাপ্ত বামিংহাম কমনৱেলথ গেমছত যোগদান কৰিব নোৱাৰিলে মেৰিকমে ৷
মেৰিকমৰ প্ৰশিক্ষক ছোটেলাল যাদৱে জানিব দিয়া মতে মেৰিকমৰ অস্ত্ৰোপচাৰ ইতিমধ্যে সফলতাৰে সম্পন্ন হৈছে ৷ দুদিনমানৰ ভিতৰতে গৃহ অভিমুখী হ’ব পাৰিব বক্সাৰ গৰাকী ৷ উল্লেখ্য যে ২০১৮ চনত কমনৱেল্থ গেমছত বক্সিংত স্বৰ্ণ পদক লাভ প্ৰথম ভাৰতীয় হোৱাৰ খিতাপ অৰ্জন কৰিছিল মেৰিকমে ৷

 

Exit mobile version